Local, Vocal, Global

Junmoni Rabha death case : কলিয়াবৰ চিকিৎসালয়ত নাই জোনমণিক ভৰ্তি কৰোৱাৰ কোনো তথ্য

নিউজ ডেস্ক, ৩০ মে’ : জোমমণি ৰাভাৰ ন ন তথ্য পোহৰলৈ আহি আছে । তাৰ মাজতে জোনমণি ৰাভাৰ চাঞ্চল্যকৰ মৃত্যুৰ ঘটনাৰ আন এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে । খবৰ অনুসৰি কলিয়াবৰ মহকুমা চিকিত্‍সালয়ত জোনমণিক ভৰ্তি কৰোৱা নাছিল বুলি তথ্য পোহৰলৈ আহিছে ।

জানিব পৰা মতে, ১৬ মে’ৰ নিশা আৰক্ষী অধীক্ষক জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ পিছত কলিয়াবৰ মহকুমা চিকিত্‍সালয়লৈ লৈ যোৱা হৈছিল। কিন্তু জোনমণিক ভৰ্তি কৰোৱাৰ কোনো তথ্য নাই চিকিত্‍সালয়খনত । ১৬ মে’ৰ দিনা এম এল ৰেজিষ্টাৰতো নাই জোনমণিৰ ৰাভাৰ ভৰ্তি কৰোৱা কোনো তথ্য ।

উল্লেখযোগ্য যে কলিয়াবৰ মহকুমা চিকিৎসালয়তে জোনমণি ৰাভাক মৃত ঘোষণা কৰা হৈছিল । আৰক্ষীয়ে জোনমণিৰ মৃতদেহ চমজি লোৱাৰো তথ্য নাই চিকিৎসালয়খমনত । মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ নিয়াৰো নাই তথ্য । আৰক্ষীয়ে ৰিকুইজিছনখনো দিয়া নাছিল বুলি অভিযোগ উত্থাপিত হৈছে । তাৰ পৰিৱৰ্তে চিকিৎসকৰ পৰা ৪ দিন পিছতহে লিখিত তথ্য লাভ কৰা হৈছিল । অৱশ্যে এই সন্দৰ্ভত হাস্পতাল কৰ্তৃপক্ষ বা চিকিৎসকে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে ।

উল্লেখযোগ্য যে ১৬ মে’ৰ নিশা দুৰ্ঘটনাত মৃত্যু হৈছিল মৰিকলং আৰক্ষী থানাৰ SI জোনমণি ৰাভাৰ । জোনমণিৰ মৃত্যুৰ পিছতে উত্থাপিত হৈছে বহু অভিযোগ । পৰিয়ালৰ দাবী জোনমণিৰ দুৰ্ঘটনাত মৃত্যু হোৱা নাই , হত্যা কৰা হৈছে জোনমণিক ।

জোনমণি ৰাভাৰ এই ঘটনাৰ তদন্ত প্ৰথমে CIDক দিয়া হৈছিল । পৰৱৰ্তী সময়ত পৰিয়ালৰ দাবী আৰু জনসাধাৰণৰ আবেগক প্ৰাধান্য দি এই ঘটনাৰ তদন্ত CBI ক দিয়াৰ বাবে ডিজিপি জি পি সিঙে অনুৰোধ জনাইছিল মুখ্যমন্ত্ৰীক । আৰু সেইমৰ্মে মুখ্যমন্ত্ৰী ঘটনাৰ তদন্ত CBIক দিয়া হ’ব বুলি ঘোষণা কৰিছিল। কিন্তু আজিলৈ ভেদ হোৱা নাই জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য ।

লগতে পঢ়ক : Guidelines to 7 Accident-Prone Districts : ৰাজ্যৰ সাত জিলালৈ কাঢ়া নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানৰ