Local, Vocal, Global

Formalin in Imported Fish : মাছত ধৰা পৰিছে বিষাক্ত ফৰ্মেলিন

গুৱাহাটী, ৩১ মে’: অসমৰ ৰাইজে ৰাজ্যৰ বাহিৰৰ পৰা আমদানি কৰা মাছৰ নামত বিষ খাইছে । কিয়নো আমদানিকৃত মাছৰ নমুনাত বিষাক্ত ফৰ্মেলিনৰ উপস্থিতি প্ৰমাণিত হৈছে (Poisonous Formalin In Fish) । ৰাজ্যৰ মীন বিভাগ, খাদ্য সুৰক্ষা বিভাগ আৰু গুৱাহাটী বিশ্ববিদ্যালয় আৰু ৰহা মীন মহাবিদ্যালয়ৰ গৱেষকৰ এটা দলে এই কথা স্বীকাৰ কৰে ।

মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ মীন বিভাগে কয় যে এই মাছ সন্দৰ্ভত কিছু চিন্তনীয় তথ্য আছে । খাদ্য সুৰক্ষা বিভাগৰ মুখ্য খাদ্য বিশ্লেষক ড০ অনুপম কুমাৰ গগৈয়ে কয়, ‘২৮ এপ্ৰিলৰ পৰা ৰাজ্যৰ খাদ্য সুৰক্ষা বিভাগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৮৬টা চোৰাং মাছৰ নমুনা সংগ্ৰহ কৰিছে। ইয়াৰে ১০টা নমুনাত ফৰ্মেলিনৰ উপস্থিতি ধৰা পৰিছে (Formalin Was Found In 10 Out Of 86 Samples) ।”

তাৰে ভিতৰত দুটা নমুনা ধেমাজিত, বিজনীত এটা, বৰপেটাত দুটা, দৰঙত দুটা, ধুবুৰীত এটা, বঙাইগাঁৱত দুটাৰ ভিতৰত এটা নমুনা পৰীক্ষা কৰি নগাঁৱত ফৰ্মলিন পোৱা গৈছে । লগতে ৰাজ্যৰ বিভিন্ন জিলাত খাদ্য সুৰক্ষা বিভাগৰ অভিযান অব্যাহত আছে আৰু অব্যাহত থাকিব বুলিও জানিব পৰা গৈছে ।

আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয় আৰু ৰহা মীন মহাবিদ্যালয়ৰ গৱেষকৰ এটা দলেও পৃথকে পৃথকে অনুষ্ঠিত কৰা পৰীক্ষাত ফৰ্মেলিনৰ উপস্থিতি উন্মোচন কৰে । কিন্তু এঘণ্টা বিশুদ্ধ পানীত ডুবাই ৰাখিলেও ফৰ্মেলিনৰ মাত্ৰা হ্ৰাস পায় বুলি গৱেষকৰ দলটোৱে প্ৰকাশ কৰে।

উল্লেখ্য যে নগাঁও মহাবিদ্যালয়ৰ গৱেষকৰ এটা দলে প্ৰায় তিনিমাহ ধৰি গৱেষণা কৰি ৰাজ্যৰ বাহিৰৰ পৰা আমদানি কৰা চালানী মাছত ১৫ শতাংশ ফৰ্মেলিনৰ লগতে বিষাক্ত কেডমিয়াম, আৰ্ছেনিকৰ উপস্থিতি ধৰা পেলাইছিল । এই বিস্ফোৰক তথ্য প্ৰকাশ পোৱাৰ পিছত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে মীন মন্ত্ৰী পৰিমল সুক্লবৈদ্যই বিষয়টো পুনৰ পৰীক্ষাৰ দায়িত্ব গুৱাহাটী বিশ্ববিদ্যালয়, ৰহা মীন মহাবিদ্যালয়, খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু দ্য চেণ্ট্ৰেল ইন্টাৰ-ষ্টেট ইনষ্টিটিউট অৱ ফিচাৰিজ ৰিচাৰ্চক অৰ্পণ কৰে ।

কিন্তু পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু আন্তঃৰাজ্যিক মীন গৱেষণা প্ৰতিষ্ঠানে এতিয়াও তেওঁলোকৰ গৱেষণাৰ ফলাফল ৰাজহুৱা কৰিব পৰা নাই।

লগতে পঢ়ক : Reshuffle in Nagaon Police : নগাঁও আৰক্ষীৰ পুনৰ ৰদ বদল