Local, Vocal, Global

টিভি চেনেলৰ মজিয়াক আদালতলৈ ৰূপান্তৰ নকৰিব

ছ’চিয়েল মিডিয়াত কোনোধৰণৰ অৱমাননামূলক আৰু অপমানজনক বিষয় আপলোড কৰিব নোৱাৰিব টাইম নাও আৰু ৰিপাব্লিক টিভিয়ে। কেৱল এয়াই নহয়, এতিয়াৰে পৰা কোনো ব্যক্তিৰ বিৰুদ্ধে সন্মান হানিকৰ বাতৰি, মন্তব্য আদি চেনেলৰ জৰিয়তে সম্প্ৰচাৰ কৰিব নোৱাৰিব জনপ্ৰিয় টিভি চেনেলকেইটাই। যোৱা অক্টোৱৰত অভিনেতা ছলমান খান, আমিৰ খান, শ্বাহৰুখ খান, অজয় দেৱগন, অনিল কাপুৰ, আৰবাজ খান আদিৰ লগতে একাংশ প্ৰযোজক-পৰিচালকৰ মুঠ ৩৪টা প্ৰযোজনা সংস্থাই একগোট হৈ ৰিপাব্লিক টিভিৰ এডিটৰ ইন-চীফ অৰ্ণৱ গোস্বামী আৰু টাইমছ নাওৰ সঞ্চালক নাভিকা কুমাৰসহ ৪গৰাকী সাংবাদিকৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল।