Kejriwal’s clarion call to oust BJP in 2024 : আন দলৰ ৰাজনীতিবিদসকলক গুণ্ডামি কৰা দেখা যায়, কিন্তু আপৰ ৰাজনীতিবিদসকলক নম্ৰ -দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

নেশ্যনেল ডেস্ক, ২৩অক্টোবৰ : বিজেপিক ক্ষমতাৰ পৰা আঁতৰাব লাগে । বিজেপিক ক্ষমতাৰ পৰা আঁতৰোৱাটো ‘দেশপ্ৰেমৰ সৰ্বশ্ৰেষ্ঠ কাৰ্য’ । আন দলৰ ৰাজনীতিবিদসকলক গুণ্ডামি কৰা দেখা যায়, কিন্তু আপৰ ৰাজনীতিবিদসকলক নম্ৰ । এয়া হৈছে আমাৰ ট্ৰেডমাৰ্ক(Kejriwal’s clarion call to oust BJP in 2024) ।
সমাগত লোকসভা নিৰ্বাচন । নিৰ্বাচনৰ বাবে প্ৰায় সাজু হৈছে শাসক বিৰোধী । তুংগ হৈ উঠিছে ৰাজনৈতিক মহল । আৰম্ভ হৈছে শাসক বিৰোধীৰ মাজত বাকযুদ্ধ ।
তাৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰীৰ এক মন্তব্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ । দেওবাৰে আপৰ ৰাষ্ট্ৰীয় আহ্বায়কগৰাকীয়ে নিৰ্বাচনী সমষ্টি নতুন দিল্লীত দলীয় স্বেচ্ছাসেৱকসকলক সম্বোধন কৰে । এই সম্বোধন অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীক ক্ষমতাৰ পৰা আঁতৰোৱাটো ‘দেশপ্ৰেমৰ সৰ্বশ্ৰেষ্ঠ কাৰ্য’ হ’ব । দুটা কাৰ্যকালৰ বাবে শাসনত থকা সত্ত্বেও বিজেপিয়ে দেশক প্ৰগতিৰ দিশে আগুৱাই নিয়াত ব্যৰ্থ হৈছে ।
লগতে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “মোৰ সমষ্টিৰ লোকসকলে স্বেচ্ছাসেৱকসকলক প্ৰশংসা কৰে । আপৰ স্বেচ্ছাসেৱকসকল কোনো ৰাজনৈতিক পটভূমিৰ পৰা অহা নাই । আমাৰ দলটো ৰাজনৈতিক পটভূমি থকা দল নহয় । আনকি আপৰ জ্যেষ্ঠ নেতাসকলো ৰাজনৈতিক পটভূমিৰ পৰা অহা নাই । ইয়াৰে ভিতৰত আছোঁ মই আৰু মনীষ ছিছোডিয়াও । আমি সকলো ‘আম আদমী’ ।”
তেওঁ লগতে দাবী কৰে যে যদিও আন দলৰ ৰাজনীতিবিদসকলক প্ৰায়ে গুণ্ডামি কৰা দেখা যায়, কিন্তু আপৰ ৰাজনীতিবিদসকলক ৰাইজে পছন্দ কৰে । কাৰণ তেওঁলোক নম্ৰ । “এয়া হৈছে আপৰ ট্ৰেডমাৰ্ক ।” কেজৰিৱালে কয় যে বিজেপিয়ে পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে দ্বিতীয়বাৰৰ বাবে শাসনলৈ অহাৰ পিছত দেশখনক প্ৰগতিৰ এক পথত নেতৃত্ব দিব পাৰিলেহেঁতেন, কিন্তু সেয়া নহ’ল(‘Removing BJP from power in 2024 is greatest act of patriotism’: Arvind Kejriwal) । “
দেশৰ পৰিৱেশৰ সকলো ফালে অৱনতি হৈছে । সমাজত এনে তীব্ৰ মেৰুকৰণ কেতিয়াও দেখা পোৱা ন’গৈছিল । ইমান যুঁজ, হিংসা, দুৰ্নীতি আৰু লুণ্ঠন আগতে কেতিয়াও দেখা পোৱা যোৱা নাছিল । ক’তো শান্তি নাই ।”
আনহাতে তেওঁ কয় যে , ২০২৪ চনত বিজেপিক ক্ষমতাৰ পৰা আঁতৰালৈ দেশখন আগবাঢ়িব । তেওঁলোকে লোৱা সিদ্ধান্তসমূহ কোনেও বুজি নাপায় যে তেওঁলোকে সেইবোৰ কিয় লৈছে ।” ২০১৬ চনত বিমুদ্ৰাকৰণৰ বাবে ভাৰতৰ অৰ্থনীতি কমেও ১০ বছৰ পিছপৰি গৈছে বুলিও দাবী কৰে কেজৰিৱালে(Ousting BJP in 2024 Would Be Biggest Act of Patriotism: Arvind Kejriwal) ।
লগতে পঢ়ক : woman attacks on her husband : স্বামীৰ মুখত এচিড ঢালিলে পত্নীয়ে