Local, Vocal, Global

Remembering Tarun Gogoi: আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী

নিউজ ডেস্ক, ২৩ নৱেম্বৰ : আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী(Remembering Tarun Gogoi)। ২০২০ চনৰ আজিৰ দিনটোতে ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল বিচক্ষণ ৰাজনীতিবিদ গৰাকীয়ে । ১৫ টা বছৰে অসমৰ ৰাজনীতিৰ গুৰিবঠা ধৰা চিৰতৰুণ তৰুণ গগৈয়ে ৰাজনীতিলৈ আগবঢ়োৱা অৱদান অনস্বিকাৰ্য। অসমৰ ৰাজনীতিত ১৫ বছৰে মুখ্যমন্ত্ৰীৰ আসন শুৱনি অসমবাসীৰ প্ৰিয় নেতাগৰাকীয়ে।মৰণোত্তৰভাৱে তৰুণ গগৈলৈ আগবঢ়োৱা হৈছিল পদ্ম ভূষণ সন্মান(Remembering Great Statesman Tarun Gogoi On His 3rd Death Anniversary) ৷

উল্লেখ্য যে, ক’ভিড-১৯ৰ পিছত হোৱা জটিলতাৰ সৈতে তিনি সপ্তাহ যুঁজ দিয়াৰ পিছত অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যুবৰণ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৪ বছৰ। জীৱনৰ শেষমুহূর্তলৈকে ৰাজনীতিৰ সৈতে জড়িত থকা তৰুণ গগৈয়ে তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিছিল। তেখেতৰ মৃত্যুৰ পাছৰে পৰা উকা হৈ পৰিল অসমৰ ৰাজনীতিৰ ক্ষেত্ৰখন, খালী হৈ পৰিল কইনাধৰা পাহাৰ। কিয়নো ১৫টা গৌৰৱোজ্জ্বল বছৰে কইনাধৰা পাহাৰৰ এখন চিনাকি মুখ আছিল তৰুণ গগৈ।

আজি সমগ্ৰ ৰাজ্যতে কংগ্ৰেছে বিভিন্ন কাৰ্যসূচী ৰূপায়নেৰে স্মৰণ কৰিব মুখ্যমন্ত্ৰীজনক ।

লগতে পঢ়ক : 2 Captains among 4 soldiers killed in Rajouri shootout : জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ দুগৰাকী কেপ্টেইনসহ চাৰি সেনা জোৱা