Ray Stevenson Dead at 58: RRRৰ খলনায়ক ৰে ষ্টিভেনছনৰ দেহাৱসান
এণ্টাৰটেইনমেণ্ট ডেস্ক, ২৩ মে’: বিশ্বজুৰি জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা RRR ছবিখনৰ খলনায়কৰ চৰিত্ৰত অভিনয় কৰা ৰে ষ্টিভেনছনৰ মাত্ৰ ৫৮ বছৰ বয়সতে দেহাৱসান ঘটে ((Actor in Thor Movies and RRR Dies)) । RRR ছবিখনত ভিলেইনৰ চৰিত্ৰ স্কট বাক্সটনৰ চৰিত্ৰত অভিনয় কৰি ৰে ষ্টিভেনছনে এই চৰিত্ৰটোক এক অনন্য ৰূপত তুলি ধৰিছিল । তেওঁৰ অভিনয় দক্ষতাই তেওঁক এজন কুখ্যাৎ ব্ৰিটিছ গৱৰ্ণৰ হিচাপে চেলুলয়ডত তুলি ধৰিছিল । এছ এছ ৰাজামৌলিৰ নিৰ্দেশনাত অভিনয় কৰা তেওঁৰ এইখন আছিল প্ৰথমখন ভাৰতীয় চিনেমা ।
উল্লেখ্য যে এছ এছ ৰাজামৌলিৰ মেগা ব্লক বাষ্টাৰ ছবি ‘আৰ আৰ আৰ’ত গৱৰ্ণৰ স্কট বাক্সটনৰ নেতিবাচক চৰিত্ৰত অভিনয় কৰি ষ্টিভেনছনে বহু ভাৰতীয় দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল । ৰামচৰণ আৰু জুনিয়ৰ এন টি আৰ অভিনীত এই ছবিখন ষ্টিভেনছনৰ কেৰিয়াৰৰ একমাত্ৰ ভাৰতীয় ছবি (Ray Stevenson Death)। এইগৰাকী সুদক্ষ অভিনেতাৰ বিয়োগত আৰ আৰ আৰ ছবিখনৰ পৰিচালক এছ এছ ৰাজামৌলিৰ লগতে RRR টীমৰ সদস্যসকলে অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।
উল্লেখ্য যে অভিনেতাগৰাকীৰ মৃত্যু কিদৰে হ’ল সেই সম্পৰ্কে এতিয়ালৈকে কোনো তথ্য প্ৰকাশ পোৱা নাই ।
অভিনেতাগৰাকীৰ বিয়োগত মৰ্মাহত এছ এছ ৰাজামৌলিয়ে এটা হৃদয়স্পৰ্শী পোষ্ট শ্বেয়াৰ কৰিছিল (SS Rajamouli on RRR actor Ray Stevenson death) । পোষ্টটো শ্বেয়াৰ কৰি তেওঁ লিখিছে ‘শ্বকিং… এই খবৰটো বিশ্বাস কৰিব পৰা নাই । ষ্টিভেনছনে চেটলৈ নিজৰ লগত যোগাত্মক শক্তি আৰু স্পন্দন লৈ আহিছিল । তেওঁৰ লগত কাম কৰাটো আছিল পৰম আনন্দৰ অভিজ্ঞতা । তেওঁৰ পৰিয়াললৈ গভীৰ সমবেদনা জনাইছো । তেওঁৰ আত্মাই শান্তি লাভ কৰক ।’
আৰ আৰ আৰৰ দলটোৱে অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এটা টুইটত উল্লেখ কৰে যে, “আমি কঠিন দৃশ্যবোৰ শ্বুটিং কৰাৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ, কিন্তু এই ষ্টাণ্টটো প্ৰদৰ্শন কৰাৰ সময়ত তেওঁ কোনো কুণ্ঠাবোধ কৰা নাছিল । ৰে ষ্টিভেনছন, RRRৰ চেটত আপোনাৰ উপস্থিতি মৰমেৰে স্মৰণ কৰা হ’ব । অতি সোনকালেই আপুনি গুচি গ’ল ।”
লগতে পঢ়ক: Faizan body dug out from cemetery : কবৰ খান্দি উলিয়ালে ফাইজানৰ মৃতদেহ