Local, Vocal, Global

সমাজকৰ্মী ৰূপত ৰতন টাটা, অসমবাসীক দিলে সুখবৰ

নিউজ ডেস্ক, ২৯ এপ্ৰিল:-সমগ্ৰ বিশ্বৰ ভিতৰতে অন্যতম প্ৰধান ব্যৱসায়িক প্ৰতিষ্ঠান টাটা গ্ৰুপ হোৱা স্বতেও টাটাৰ নাম ফোৰ্বছৰ তালিকাত নাই ।

ৰতন টাটাৰ নাম সমগ্ৰ বিশ্বই জানে। কিন্তু তেওঁৰ নাম আটাইতকৈ ধনী লোকৰ তালিকাত উঠা নাই কিয়?

টাটা গ্ৰুপ কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰে অন্যতম প্ৰধান ব্যৱসায়িক প্ৰতিষ্ঠান। অথচ টাটাৰ নাম ফোৰ্বছৰ তালিকাত নাই। ফলত ইয়াকে লৈ কৌতুহল থকাতো স্বাভাৱিক।

ভাৰতীয় আগশাৰীৰ ব্যৱসায়ীসকলৰ ভিতৰত ৰতন টাটা অন্যতম। নিজৰ সমাজসেৱাৰ লগত জড়িত কৰ্মৰাজীৰ বাব তেওঁ জনপ্ৰিয় ।

মানুহৰ কল্যাণৰ বাবে বহু কামেই কৰি থাকে তেওঁ। আৰু সেইকাৰণেই পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি হ’ব পৰা নাই ৰতন টাটা।

ইটোৰ পিছত সিটো দেশ আৰু জাতিৰ বাবে কৰা কল্যাণমূলক কামৰ বাবে সমগ্ৰ বিশ্বই জানে ৰতন টাটাক।

ৰতন টাটাৰ বৰ্তমান বয়স ৮২ বছৰ। সুদীৰ্ঘ প্ৰায় ৬০ বছৰধৰি পৃথিৱীৰ অন্যতম বৃহত্‍ ব্যৱসায়-বাণিজ্য পৰিচালনা কৰিছে তেওঁ।

আইআইএফএল, ৱেল্থৰ ২০২১ৰ প্ৰতিবেদন অনুসৰি ৰতন টাটাতকৈও ধনী ভাৰতীয়ৰ সংখ্যা ৪৩২। ইয়াৰ প্ৰধান কাৰণ, টাটা ট্ৰাষ্টৰ জৰিয়তে মানৱ কল্যাণৰ বাবে ব্যয় কৰে বিশাল অংকৰ ধন।

যোৱা বছৰৰ হিচাপ অনুসৰি, টাটা গ্ৰুপৰ মুঠ সম্পত্তি ১০৩ বিলিয়ন আমেৰিকান ডলাৰ। ভাৰত তথা বিশ্বৰ বৃহত্তম প্ৰতিষ্ঠান টাটা গ্ৰুপ। কিন্তু টাটা গ্ৰুপৰ আয়ৰ ৬৬ শতাংশ জনকল্যাণমূলক কামৰ বাবে খৰচ কৰা হয়।

উল্লেখ্য, অসমৰ বাবেও বিশেষ পৰিকল্পনা ৰতন টাটাৰ। টাটা ট্ৰাষ্টৰ সহযোগত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে কেইবাখনো হাস্পতালত নিৰ্মাণ কৰি আছে।

২০১৮ চনৰ জুন মাহত টাটা ট্ৰাষ্টৰ ৰতন টাটাৰ উপস্থিতিত অসম চৰকাৰ আৰু টাটাI ট্ৰাষ্টৰ মাজত চুক্তি স্বাক্ষৰ কৰা হৈছিল।

অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ নেতৃত্বত অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ মাজত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল।

ইয়াৰ ফলতে ৰাজ্যত ১৭খন কেন্সাৰ কেয়াৰ হাস্পতালৰ সৈতে দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ সুলভ কেন্সাৰ কেয়াৰ নেটৱৰ্ক স্থাপনৰ এটা প্ৰকল্প কাৰ্যকৰী কৰি থকা হৈছে।

জানিব পৰা মতে,এই প্ৰকল্পৰে বৃহস্পতিবাৰে ৬খন কৰ্কট চিকিৎসালয় মুকলি কৰাৰ লগতে আন ৭খন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰা হয়।