যুৱ সমন্বয়কলৈ শোণিতপুৰ নেহৰু যুৱ কেন্দ্ৰৰ স্মাৰক পত্ৰ

যুৱ শক্তি ৰাষ্ট্ৰ শক্তি, সৱল যুৱক দেশৰ ভৱিষ্যত, ৰাষ্ট্ৰীয় যুৱ স্বেচ্ছাসেৱকসকল সমাজৰ বাৰ্তাবাহক, দেশৰ স্বাৰ্থত নিজৰ জীৱনকো যিসকলে তুচ্ছ জ্ঞান কৰি আহিছে৷ ক’ৰনাৰ দৰে বিশ্ব মহামাৰীৰ সময়ত নিজৰ দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰিছে ৰাষ্ট্ৰীয় যুৱ স্বেচ্ছাসেৱকসকলে। ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু খেল মন্ত্ৰ্যালয়ৰ অধীনস্থ স্বায়ত্ত শাসিত সংগঠন
নেহৰু যুৱ কেন্দ্ৰৰ ৰাষ্ট্ৰীয় যুৱ স্বেচ্ছাসেৱকসকলৰ কাৰ্যকাল আৰু মাননী বৃদ্ধিৰ দাবীত সমগ্র ভাৰতৰ ৰাষ্ট্ৰীয় যুৱ স্বেচ্ছাসেৱকসকলে সকলো জিলা যুৱ সমন্বয়কক স্মাৰক পত্ৰ প্ৰদান কৰে।
শোণিতপুৰ জিলাৰ জিলা যুৱ সমন্বয়ক শুভম পুৰবীয়াৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰে শোণিতপুৰ জিলাৰ ৰাষ্ট্ৰীয় যুৱ স্বেচ্ছাসেৱকসকলে। শোণিতপুৰ জিলাত উক্ত কাৰ্যসূচীত অসম ৰাষ্ট্ৰীয় যুৱ স্বেচ্ছাসেৱক সন্থাৰ সাধাৰণ সম্পাদক ছাইদুল ইছলাম, মুখ্য আহ্বায়ক পংকজ নাথ আৰু শোণিতপুৰ জিলা সমিতিৰ সভাপতি ৰিপুঞ্জয় কুমাৰ নাথৰ নেতৃত্বত ৰাষ্ট্ৰীয় যুৱ স্বেচ্ছাসেৱকসকলে বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে।