Local, Vocal, Global

মহানগৰীৰ ৰাজপথত Rapido ভূৰ

নিউজ ডেস্ক, ১৬ জুন : বিগত ৩ দিন ধৰি ৰাজ্য়ৰ লগতে সমগ্ৰ উত্তৰ-পূৱত অব্যাহত থকা মুষলধাৰ বৰষুণ পৰিপেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত বানপানীৰ লগতে ভূমিস্খলনৰ সমস্যাই দেখা দিছে।

মুষলধাৰ বৰষুণত বৰ্তমান মহানগৰী পৰিণত হৈছে বান নগৰীত। জলমগ্ন মহানগৰীৰ নদী সদৃশ ৰাজপথৰ বিভিন্ন ঠাইত চিটিবাছ বা আন যানবাহনৰ সলনি চলিছে Rapido ভূৰ।

বিগত কেইবাদিনৰ ধাৰাসাৰ বৰষুণত মহানগৰীৰ ৰাজপথ সমূহ এতিয়া নদীত পৰিণত হৈছে । অনিল নগৰ, নবীন নগৰ, ৰুক্মিনী গাঁও , বেলতলা , হাতীগাঁৱৰ লগতে গুৱাহাটীৰ ঠায়ে ঠায়ে ভয়ানক কৃত্ৰিম বানত জলবন্দী মহানগৰবাসী।

কৃত্ৰিম বানপানী‌ আৰু মুষলধাৰ বৰষুণত স্তব্ধ ব্যস্ত মহানগৰীৰ জনজীৱন। একঁকাল পানীত ডুব গʼল মহানগৰী।হাৰাশাস্তি ভূগিব লগা হৈছে সবৰ্সাধাৰণ ।

নদী সদৃশ ৰাজপথত বিকল হৈ পৰিছে যানবাহন সমূহ সেয়ে ঠায়ে ঠায়ে চলিছে Rapido ভূৰ ।