Local, Vocal, Global

কৰিমগঞ্জ অগ্নি নিৰ্বাপক সেৱা কেন্দ্ৰৰ ওচৰত অঘটন

নিউজ ডেস্ক, ১৬ জুন : নেৰানেপেৰা বৰষুণ আৰু আকস্মিক বানপানীৰ মাজতে অসমৰ Karimganjত অঘটন।

বুধবাৰে অসমৰ কৰিমগঞ্জত এখন autorickshawৰ ওপৰত গছ বাগৰি পৰাৰ ফলত এজন লোক নিহত হোৱাৰ উপৰিও আন দুজন লোক আহত হয়।

প্ৰতিবেদন অনুসৰি, কৰিমগঞ্জ অগ্নি নিৰ্বাপক সেৱা কেন্দ্ৰৰ ওচৰত সংঘটিত হৈছিল শোকাৱহ দুৰ্ঘটনাটো।

অটোত যাত্ৰা কৰি থকা আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসাৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় । অৱশ্যে, অটো-ৰিক্সাৰ চালক আজাহাৰ উদ্দিনৰ মৃত্যু হয়।

কৰিমগঞ্জৰ DSP গীতাৰ্থ দেৱ শৰ্মাই কয় যে “কৰিমগঞ্জ অগ্নি নিৰ্বাপক সেৱা কেন্দ্ৰৰ ওচৰত এখন অটো-ৰিক্সাৰ ওপৰত গছ বাগৰি পৰে আৰু চালকসহ তিনিজন লোক আহত হয়। আমি লগে লগে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোঁ, কিন্তু অটোৰিক্সাৰ চালকজন চিকিৎসালয়ত মৃত্যুবৰণ কৰে,” ।