Local, Vocal, Global

পাহাৰত বাস কৰা ১৬০ টা পৰিয়াললৈ প্ৰশাসনৰ জাননী

নিউজ ডেস্ক, ১৬ জুন : বিগত কেইবাদিনৰ পৰা আৰম্ভ হোৱা মূষলধাৰ বৰষুণত জলমগ্ন হৈ পৰিছে সমগ্ৰ অঞ্চল , সৃষ্টি হৈছে সংহাৰৰ । চাৰিওফালে বানপানী আৰু ভয়ংকৰ ভূমিস্খলন। অত্যাধিক বৰষুণৰ ফলত
মহানগৰীৰ বিভিন্ন প্ৰান্তত খহি পৰিছে এটাৰ পাছত আন এটা পাহাৰ ক্ৰমাত বৃদ্ধি পাইছে ভূমিস্খলনত মৃত্যুৰ সংখ্যা ।

সেয়ে ভূমিস্খলন প্ৰৱন এলেকাৰ ১৬০ টা পৰিয়াল এৰিব লাগিব গৃহ । গীতানগৰ, খাৰঘূলি , কামাখ্যা , আৰু নিজৰাপাৰৰ কেইবাটাও বাসস্থানত চিনাক্ত কৰা হৈছে। নুনমাটি , লিচুবাগান, নৱগ্ৰহ ত আছে বিপদসংকুল স্থান।

খানাপাৰাৰ মাধবনগৰ , খ্ৰীষ্টানবস্তি, টিভি টাৱাৰৰ কাষতো বিপদসংকুল এলেকাৰূপে চিনাক্ত। স্পৰ্শকাতৰ এলেকাত জৰীপ চলাব প্ৰশাসনে পাহাৰত বাস কৰা ১৬০ টা পৰিয়ালক ঠাইসমূহ খালি কৰাৰ জাননী প্ৰশাসনৰ। কত যাব কি কৰিব সেয়া লৈ চিন্তিত পৰিয়াল সমূহ।