পুনৰ মহানগৰীত ধৰ্ষণকাণ্ডৰ ঘটনা, চলন্ত বাহনত ধৰ্ষণৰ অপচেষ্টা

নিউজ ডেস্ক,৪ মে:- এইবাৰ চলন্ত গাড়ীত মহিলাক ধৰ্ষণৰ অপচেষ্টা এজন দূবৃত্তৰ, নলবাৰীৰ পৰা গুৱাহাটী অভিমুখী চৰকাৰী বাহনত আহি থকা অৱস্থাত সংঘটিত এই ঘটনা ।
মহিলাগৰাকীয়ে জানিব দিয়া মতে ঈদৰ বাবে গাড়ী নোপোৱাত চিনাকি যুৱকৰ গাড়ীত আহিছিল মহিলাগৰাকী।
গৈ থকা অৱস্থাতে মাজ ৰাস্তাত মহিলাগৰাকীক গাড়ীৰ ভিতৰত ধৰ্ষণৰ অপচেষ্টাৰ অভিযোগ।
ধৰ্ষণকাৰী যুৱকজনৰ বাহনখনৰ নম্বৰ ক্ৰমে, AS 01 DJ 6876।
মহিলাগৰাকীৰ অভিযোগ অনুসৰি কোনো অজ্ঞাত স্থানত লৈ যোৱাৰ পৰিকল্পনা আছিল যুৱকজনৰ।
উল্লেখযোগ্য যে,জালুকবাৰীত একাংশ লোকৰ বাবে প্রাণ ৰক্ষা পৰে মহিলাগৰাকীৰ।জালুকবাৰীত যুৱকজনক ৰাইজে ধৰে যদিও পৰৱৰ্তী সময়ত পলাই যাবলৈ সক্ষম হয়।