Local, Vocal, Global

বিলাসী ৰিজৰ্টত বিজেপি মিত্ৰজোঁটৰ বৈঠক, মূল্যবৃদ্ধিত সৰ্বহাৰা সাধাৰণ জনতা

নিউজ ডেস্ক ,৫ মে:- অভাৱনীয় মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধৰণ জনতাক , সেই একেখিনি সময়তে কাজিৰঙাৰ বিলাসী ৰিজৰ্টত বৈঠকৰ আয়োজন কৰিছে বিজেপি মিত্ৰজোঁট চৰকাৰে।

আজি সন্ধিয়া মিত্ৰজোঁটৰ মন্ত্ৰী বিধায়ক সকল উপস্থিত হ’ব কাজিৰঙাত। ৫ আৰু ৬ মে’ত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকৰ বাবে সৰ্বত্ৰে চৰ্চা অব্যাহত আছে। মন্ত্ৰী বিধায়ক সকলৰ বাবে মাণ্ডু ৰিজৰ্টত আয়োজন কৰা হৈছে সাংস্কৃতিক কাৰ্যসূচীৰ।

৬ মে’ত দিনজোৰা কাৰ্যসূচীৰে বৰগছ ৰিজৰ্টত মন্ত্ৰী বিধায়ক সকলৰ লগত বৈঠক অনুষ্ঠিত কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

জানিব পৰা মতে, আজিৰ দিনটো মন্ত্ৰী বিধায়ক সকলে নিজ নিজ খৰচত থাকিব লাগিব। চৰকাৰী আঁচনি ৰূপায়ণ, বিধায়ক পুঁজিৰ ব্যয় আদি সন্দৰ্ভত আলোচনা কৰা হ’ব এই বৈঠকত।

উল্লেখযোগ্য যে, ঋণৰ পিছত ঋণ লৈ ৰাজ্য চলাই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে।

ৰাজ্যত হোৱা মূল্যবৃদ্ধিয়ে কোঙা কৰাৰ মাজতে কাজিৰঙাৰ বিলাসী ৰিজৰ্টত মিত্ৰজোঁটৰ মন্ত্ৰী বিধায়ক সকলৰ বৈঠক ।