Local, Vocal, Global

মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা, বড়ো ভাষা আৰু বড়ো সাহিত্য সভালৈ বিশেষ গুৰত্ব প্ৰদান

নিউজ ডেস্ক, ৪ মে:- বড়ো সাহিত্যসভাৰ মূল অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও ঘোষণা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ প্ৰৱৰ্তন কৰা হ’ব বড়ো মাধ্যম।

বড়ো ভাষাক স্নাতকোত্তৰ পৰ্যায়লৈ নিয়াৰ মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ, প্ৰতিখন জিলাতে নিৰ্মাণ কৰা হ’ব বড়ো সাহিত্য সভাৰ কাৰ্যালয়।

এই কাৰ্যালয়সমূহ ৩ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰি তোলা হ’ব। ইয়াৰ বাবে প্ৰতি বছৰে অসম চৰকাৰৰ ফালৰ পৰা দিব ৫০ লাখকৈ টকা।

আনহাতে বড়ো সাহিত্য সভালৈ চৰকাৰৰ ফালৰ পৰা ৫ কোটিৰ ঘোষণা। আনহাতে ৰাষ্ট্ৰপতিৰ প্ৰস্তাৱ মৰ্মে কাজিৰঙাত নিৰ্মাণ কৰা হ’ব এলিভেটেড কৰিড’ৰ।

জানিব পৰা মতে, ২২ কিলোমিটাৰ দৈৰ্ঘৰ হ’ব এই এলিভেটেড কৰিডৰ। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ফেব্ৰুৱাৰীত অসমলৈ অহাৰ সময়তে এই পৰামৰ্শ দিছিল ।

এই সন্দৰ্ভত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰে আলোচনা কৰিছিল মুখ্যমন্ত্ৰী ড০ শৰ্মাই।