Local, Vocal, Global

যৌন আৰু মানসিক নিৰ্যাতনৰ অভিযোগ!

পৰ্ণ ভিডিঅ’ৰ গোচৰত সাময়িকভাৱে সকাহ পালেও এইবাৰ আইনী মেৰপেঁচত সোমাই পৰাৰ দিশে শিল্পা শেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা। জনা গৈছে, শাৰ্লিন চোপ্ৰাই শিল্পাৰ স্বামী ৰাজৰ নামত এফআইআৰ দাখিল কৰিছে জুহু থানাত। সেই এফআইআৰত নাম আছে শিল্পা শেট্টী কুন্দ্ৰাৰো। তাৰকা দম্পতীৰ বিৰুদ্ধে শাৰ্লিন চোপ্ৰাৰ অভিযোগ, তেওঁৰ ওপৰত যৌন আৰু মানসিক নিৰ্যাতন চলাইছে তেওঁলোকে।Sherlyn

এই সন্দৰ্ভত ANIক শাৰ্লিন চোপ্ৰাই জনাইছে, ‘বিগত ১৪ অক্টোবৰত মই এফ আই আৰ দাখিল কৰিছো ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে। তেওঁ মোৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ লগতে মোক ঠগিছে আৰু ভাবুকি দিছে।
ইয়াৰ পূৰ্বেও চলিত বছৰতে ৰাজৰ নামত এখন এফআইআৰ দাখিল কৰিছিল শাৰ্লিন চোপ্ৰাই। য’ত চাৰ্লিন চোপ্ৰাই দাবী কৰিছিল যে ৰাজ কুন্দ্ৰাই তেওঁৰ সৈতে জোৰ কৰি ঘনিষ্ঠ হোৱাৰ, তেওঁক চুমা খোৱাৰ চেষ্টা চলাইছিল।
নিজকে বচোৱাৰ বাবে সেই সময়ত বাথৰুমত আশ্ৰয় ল’বলগীয়া হৈছিল শাৰ্লিন। লগতে শাৰ্লিনৰ দাবী আছিল, সেই সময়ত ৰাজে জনাইছিল যে শিল্পাৰ সৈতে তেওঁৰ সম্পৰ্ক মুঠেও ভাল নহয়।

Sherlynৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে পৰ্ণ ছবি নিৰ্মাণৰ অভিযোগৰ গোচৰ সাক্ষী হিচাপে নিজৰ ভাষ্য দিছিল তেওঁ। শাৰ্লিনৰ দাবী, তেওঁ বিচাৰে যিসকল নিৰীহ ছোৱালীক জোৰ কৰি পৰ্ণ ছবিত অভিনয় কৰোৱা হৈছে, তেওঁলোকে ন্যায় পাওক। দোষীৰ শাস্তি হওক।
উল্লেখযোগ্য যে মাদক দ্ৰৱ্যৰ গোচৰত জামিনত মুক্তি পোৱাৰ কিছু সপ্তাহ পিছতে নিজৰ অধিবক্তাৰ দৰিয়তে এক যৌথ বিবৃতি দিছিল শিল্পী শেট্টী আৰু ৰাজ কুন্দ্ৰাই।

য’ত কোৱা হৈছে, ‘জনচক্ষুত আমাৰ বিৰুদ্ধে শাৰ্লিন চোপ্ৰাই যি কয় সেয়া মানহানি হিচাপে ধৰা হ’ব আৰু সেইটো কৰি আদালতৰ নিৰ্দেশনাৰ অৱমাননা কৰিব। মন্তব্যৰ বাবে শাৰ্লিন চোপ্ৰাই আইনী জটিলতাত পৰিব লাগিব।’
শাৰ্লিনৰ এই মন্তব্যই মাদক দ্ৰৱ্যক লৈ নতুন বিতৰ্কৰ সৃষ্টি কৰিছে। এইবাৰ ৰাজ–শিল্পাৰ বিৰুদ্ধে পৰ্ণগ্ৰাফী ভিডিঅ’ সংক্ৰান্তীয় বিষয়ক লৈ কৰা অভিযোগে পুনৰ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।