Local, Vocal, Global

FIR against bhabesh kalita : ৰাষ্ট্ৰীয় পতাকাক অৱমাননাৰ অভিযোগত ভৱেশ কলিতাৰ বিৰুদ্ধে নগাঁৱত গোচৰ ৰুজু

নিউজ ডেস্ক, ১৬ আগষ্ট : বেয়া দিন চলিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ(FIR against bhabesh kalita ) ৷ বিগত দিনকেইটাত বিভিন্ন কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা ভৱেশ কলিতাৰ বিৰুদ্ধে এইবাৰ সাধাৰণ নাগৰিকে ৰুজু কৰিলে গোচৰ ৷ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ দিনা ওলোটাকৈ দেশৰ জাতীয় পতাকাখন উত্তোলন কৰা ঘটনাৰ বিৰুদ্ধে গৰজি উঠিল ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ বিৰুদ্ধে (National Flag Hosting in BJP State HQ)। ভৱেশ কলিতাৰ বিৰুদ্ধে নগাঁৱৰ সচেতন নাগৰিকে গোচৰ তৰিলে নগাঁও আৰক্ষী থানাত ৷

উল্লেখ্য যে, ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ দিনা বশিস্তস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই উত্তোলন কৰিছিল ৰাষ্ট্ৰীয় পতাকা । বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত ওলোটাকৈ পতাকা উত্তোলন কৰা হৈছিল ৰাষ্ট্ৰীয় পতাকা । উত্তোলনৰ কৰা পাছতে পতাকাখন পুনৰ নমাই দ্বিতীয়বাৰৰ বাবে উত্তোলন কৰে । এই অনুষ্ঠানত বিজেপি সভাপতিগৰাকীৰ লগতে দলটোৰ বহু কেইজন নেতা কৰ্মী উপস্থিত আছিল ।
এই কাণ্ডৰ পাছতে খড়্গহস্ত হৈ পৰিছে নগাঁৱৰ দুলাল বৰা, বিৰিঞ্চি বৰা, মোলান লস্কৰকে ধৰি কেইজনো সচেতন নাগৰিক । সভাপতিগৰাকীয়ে তথা দলটোৱে ইচ্ছাকৃতভাৱে জাতীয় পতাকাক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে সচেতন নাগৰিককেইজনে ।

ৰাষ্ট্ৰীয় পতাকাক অৱমাননা কৰা কাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰে নগাঁৱৰ সচেতন নাগৰিকে । অৱশ্যে বৰ্তমানেও গোচৰ পঞ্জীয়ন কৰা নাই বুলি আক্ষেপ সহকাৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে সচেতন যুৱক বিৰিঞ্চি বৰাই ৷

উল্লেখ্য যে, বিজেপি সভাপতিৰ সৈতে হোৱা এনে অথন্তৰ এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও বিজেপিৰ সভাপতিৰ লগত সংঘটিত হৈছে এনে অথন্তৰ। ওলোটাকৈ উত্তোলন কৰিছে পতাকা ।

লগতে পঢ়ক : National Flag Hosting in BJP State HQ : বিজেপি মুখ্য কাৰ্যালয়ত ওলোটাকৈ উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা