Local, Vocal, Global

ৰঙালীৰ প্ৰাকক্ষণত উখল মাখল সমগ্ৰ ৰাজ্য

ডিজিটেল ডেস্ক:- আজি ৰঙালীৰ উৰুকা ৷উখলমাখল সমগ্ৰ ৰাজ্য। উৰুকাৰ বজাৰত গ্ৰাহকৰ ভিৰ। চিলাপথাৰৰ ডিমৌ সাপ্তাহিক বজাৰত দৈ, চিৰা-পিঠা, লাডু, মুড়িৰ সমান্তৰালভাৱে লাউ-বেঙেনা,কেৰেলা, দিঘলতি মাখিলতিৰে ভৰি পৰিছে উৰুকাৰ বজাৰত ৷ কিন্ত উৰুকাৰ বজাৰত এটা জাতিলাওৰ মুল্য ১০০ টকা,কেৰেলাৰ কিলোৰ হৈ ৬০ৰ পৰা ৮০ টকা আৰু বেঙেনা কিলো হৈছে ৬০ টকালৈ বৃদ্ধি পোৱাত গ্ৰাহকৰ মাজত হাহাকাৰ সৃষ্টি হৈছে ৷ আজি ৰাজ্যৰ প্ৰতিখন উৰুকা বজাৰৰ সমান্তৰালকৈ ডিমৌ উৰুকা বজাৰতো গ্ৰাহকৰ ভিৰ ৷
আজি উৰুকা আৰু কালিলৈ গৰু বিহু, গৰু বিহুৰ বাবে প্ৰয়োজনীয় জাতিলাও, ঠেকেৰা, কেৰেলা আৰু বেঙেনাৰে ভৰি পৰিছে বজাৰত ৷