Local, Vocal, Global

মৰিগাঁও জিলাৰ উত্তৰাঞ্চলত ছাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ অভিযান অব্যাহত

ডিজিটেল ডেস্ক:- মৰিগাঁও জিলাৰ উত্তৰাঞ্চলত ছাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ অভিযান অব্যাহত আছে। লাহৰীঘাটত নিশা এটা মষ্ট ৱাণ্টেড চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে মৰিগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ লগতে লাহৰীঘাট আৰক্ষীৰ যৌথ প্ৰচেষ্টাত ।
ধৃত চাইবাৰ অপৰাধীটো লাহৰীঘাট বোৱালগুৰিৰ আজাহাৰুল ইছলাম।
উল্লেখ্য যে ধৃত চাইবাৰ অপৰাধী আজাহাৰুলে এসময়ত মৰিগাঁও আৰক্ষীৰ চোৰাংচোৱা হিচাপে কাম কৰিছিল।
সেই সুবাদতে আজাহাৰুলে বিভিন্ন অসামাজিক কাম কাজ কৰাৰ ওপৰিও বিভিন্ন ব্যক্তিক ভয় ভাবুকিৰে ধন সংগ্ৰহৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছিল একাংশ ভুক্তভোগীয়ে।

আনহাতে ভুৱা পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগতে ভুৱা বেংক একাউন্ট খুলি বহু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লাখে লাখে টকা লোণ লৈ চলাই গৈছিল নিজৰ চাইবাৰ সাম্ৰাজ্য।
এনেধৰনে বৃহৎ ধন সম্পত্তিৰ অধিকাৰী হৈ পৰিছিল ধৃত আজাহাৰুল ।জানিব পৰা মতে ৰাজআট্ৰালিকা সদৃশ ঘৰ নিৰ্মাণ কৰাৰ লগতে বৃহৎ পৰিমাণৰ মাটি বাৰী ক্ৰয় কৰিছিল আজাহাৰুলে । ইয়াৰ উপৰি চাইবাৰ অপৰাধী আজাহাৰুলৰ বিৰুদ্ধে বিভিন্ন থানাত বহুকেইটা গোচৰ পঞ্জীয়ন হৈ আছে ।
লাহৰীঘাট আৰক্ষীৰ থানাৰ ৮৬/২৩ নম্বৰত গোচৰ পঞ্জীয়ন কৰি চাইবাৰ অপৰাধী আজাহাৰুলক সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।