Local, Vocal, Global

মাজুলীত জঘন্য কাণ্ড!বহিঃৰাজ্যৰ যুৱতীক ধৰ্ষণৰ চেষ্টা দুৰ্বৃত্তৰ…

ডিজিটেল ডেস্ক:- ৰঙালী বিহুৰ আনন্দ-উল্লাসৰ মাজতে সত্ৰ নগৰী মাজুলীত জঘন্য কাণ্ড। মাজুলীৰ অফলামুখ ফেৰী ঘাটৰ সমীপত বহিঃৰাজ্যৰ যুৱতীক ধৰ্ষণৰ চেষ্টা দুৰ্বৃত্তৰ।হাইদৰাবাদৰ পৰা মাজুলিলৈ ফুৰিবলৈ আহিছিল যুৱতীগৰাকীয়ে।বৃহস্পতিবাৰে দিনৰ ভাগত সংঘটিত হয় এই ঘটনাটো।

মাজুলীৰ অফলামুখ ফেৰীঘাটৰ সন্মুখত সংঘটিত হয় দুৰ্ঘটনাটো। বৃহস্পতিবাৰে অফলামুখ ফেৰী ঘাটৰ সমীপৰ হাবিত দুৰ্বৃত্তই ধৰ্ষণৰ চেষ্টা চলাই যুৱতীগৰাকীক।

ঘটনাৰ বিৱৰণী অনুসৰি ই-ৰিক্সাৰ পৰা নামি খোজ কাঢ়ি গৈ আছিল যুৱতী গৰাকী। কেইজনমান লোকে যুৱতী গৰাকীৰ চিঞৰ হাবিৰ মাজত শুনিছিল। চিঞৰ শুনি যুৱক কেইজনে যুৱতী গৰাকীক উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে।যুৱতীগৰাকীৰ কাপোৰ ফালি দিয়াৰ লগতে দেহত দুৰ্বৃত্তৰ আক্ৰমণৰ বাবে তেজেৰে ৰাঙলী হৈ পৰে।যুৱতী গৰাকীক মাৰধৰ কৰাৰো সন্দেহ কৰা হৈছে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱতী গৰাকীক চিকিৎসালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰে।আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে।
ঘটনাৰ মুল অভিযুক্ত চিনাক্ত কৰি ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ধৰ্ষণ সম্বন্ধীয় অভিযোগত আৰক্ষীৰ জিম্মাত আছিল অভিযুক্তজন। প্ৰায় ১০-১৫ দিন পূৰ্বে জেলৰ পৰা বাহিৰ হৈছিল অভিযুক্ত। আৰক্ষীৰ জিম্মাৰ পৰা ওলাই পুনৰ সংঘটিত কৰিলে এই জঘন্যকাণ্ড। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।