Local, Vocal, Global

লাইভ ছেছনতে কিয় কান্দিলে অভিনেতা ৰণবীৰ সিঙে?

বলীউড জগতত খোপনি পোতা এগৰাকী তাৰকাৰ অনুৰাগী অপৰিসীম৷ বৃহস্পতিবাৰে এটা লাইভ ছেছনযোগে অনুৰাগীসকলৰ সৈতে কথা পাতিছিল ৰণবীৰে। বলীউড জগতৰ যাত্ৰা, স্মৃতি আৰু বিভিন্ন অভিজ্ঞতাৰ বিষয়ে কৈছিল ৰণবীৰে। অনুৰাগীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰো দিছিল ৰণবীৰে। এগৰাকী অনুৰাগীয়ে ৰণবীৰক উদ্দেশ্যি কৰা এটা ভিডিঅ’ক লৈ আৱেগিক হৈ পৰে অভিনেতাগৰাকী। তেওঁ কয়- তেওঁৰ অনুৰাগীসকলেই সৰ্বশ্ৰেষ্ঠ। ছেছনটোৰ সময়তে আৱেগিক হৈ চকুপানী টোকা দেখা গ’ল অভিনেতাগৰাকীক।