Local, Vocal, Global

Rana Goswami appear in jorhat police station : যোৰহাট সদৰ থানাত হাজিৰ কংগ্ৰেছ নেতা ৰানা গোস্বামী

যোৰহাট, ১১ ফেব্ৰুৱাৰী : যোৰহাট সদৰ থানাত হাজিৰ কংগ্ৰেছ নেতা ৰানা গোস্বামী । দেওবাৰে তদন্তকাৰীৰ বিষয়াৰ ওচৰত হাজিৰ হয় প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী ।
ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত পথ নিৰ্দেশনা অমান্য কৰা গোচৰত সোধা-পোছা যোৰহাট আৰক্ষীৰ ৰাণা গোস্বামীক(APCC working president Rana Goswami appear in jorhat police station) ।

উল্লেখ্য যে, ১৮ জানুৱাৰীত যোৰহাটৰ মাজেৰে ভাৰত জোড়ো ন্যায় যাত্ৰা যোৱাৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হোৱা বুলি অভিযোগ উঠিছিল আৰু যোৰহাট সদৰ আৰক্ষীয়ে ৰাণা গোস্বামীৰ বিৰুদ্ধে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছিল । এই গোচৰৰ ভিত্তিতে দেওবাৰে দলীয় সমৰ্থকক লগত লৈ যোৰহাট থানাত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকী(Rana Goswami appear in jorhat police station) ।

ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমত প্ৰৱেশ কৰাৰ পাচত ৰাজ্যত অপ্ৰীতিকৰ পৰিস্থিতি আৰু আইন অমান্য কৰাৰ অভিযোগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধেও আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল আৰু দুয়োজনলৈ প্ৰেৰণ কৰা হৈছিল জাননী ৷ এই জাননী আৰু গোচৰৰ ভিত্তিত ৩১ জানুৱাৰীত যোৰহাট সদৰ থানাৰ তদন্তকাৰীৰ বিষয়াৰ ওচৰত হাজিৰ হৈ নিজৰ ভাষ্য প্ৰদান কৰিছিল সভাপতি ভূপেন বৰাই ৷

লগতে পঢ়ক : Land centric clash : জুৰীয়াত দুটা ফৈদৰ মাজত সংঘৰ্ষ; আহত ১০জনকৈ লোক