Local, Vocal, Global

child kidnapped in guwahati : এইবাৰ দিন দুপৰতে দুৰ্বৃত্তই অপহৰণ কৰি নিলে শিশুক

নিউজ ডেস্ক, ১১ ফেব্ৰুৱাৰী : পুনৰ মহানগৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড। এইবাৰ দিন দুপৰতে দুৰ্বৃত্তই অপহৰণ কৰি নিলে এটি শিশু। দেওবাৰে সংঘটিত হয় এই ঘটনাটো। দেওবাৰে দিনৰ ১১ মান বজাত খানাপাৰা উৰণসেতু সমীপত সংঘটিত হয় ঘটনাটো(child kidnapped in guwahati) ।

অভিযোগ অনুসৰি মৰম কৰাৰ চলেৰে দুৰ্বৃত্তই অপহৰণ কৰিলে শিশুটি।

দোকান দি জীৱন নিৰ্বাহ কৰা হাচিনা বেগম নামৰ এগৰাকী মহিলাৰ ডেৰ বছৰীয়া কন্যা শিশুটিক অপহৰণ কৰে দুৰ্বৃত্তই। শিশুটিৰ মাতৃয়ে জনোৱা অনুসৰি বিগত কেইবাদিনো ধৰি দোকানখনলৈ আহি আছিল এজন যুৱক।

যুৱকজনে প্ৰায়ে শিশুটিৰ লগত সময় কটোৱা প্ৰত্যক্ষ কৰিছিল শিশুটিৰ মাতৃ তথা যান-বাহন চালক সকলে। অনুৰূপ ধৰণে আজিও দোকান খনলৈ আহি শিশুটিৰ সৈতে খেলি আছিল যুৱকজনে। খেলি থকাৰ শিশুটিক সেই যুৱকজনে লৈ যোৱাৰ প্ৰত্যক্ষ কৰে একাংশ চালকে। আজি মৰম কৰাৰ চলেৰে অপহৰণ কৰে শিশুটিক।

শিশুটিক বিচাৰি এতিয়া হাবাথুৰি খাইছে মাতৃয়ে। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক : Rana Goswami appear in jorhat police station : যোৰহাট সদৰ থানাত হাজিৰ কংগ্ৰেছ নেতা ৰানা গোস্বামী