Local, Vocal, Global

Land centric clash : জুৰীয়াত দুটা ফৈদৰ মাজত সংঘৰ্ষ; আহত ১০জনকৈ লোক

জুৰীয়া, ১১ফেব্ৰুৱাৰী : দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত । জুৰীয়াৰ বগৰিগুৰী গাঁৱত মাটিবাৰীক সংঘটিত হৈছে দুই ফৈদৰ মাজত সংঘাত(Land centric clash) ।দুই পক্ষৰ তুমুল সংঘৰ্ষত আহত হয় প্ৰায় ১০ জনকৈ লোক ।

জুৰীয়াৰ বগৰিগুৰী গাঁৱত মাটিবাৰীক লৈ দুই ফৈদৰ মাদত তুমুল সংঘৰ্ষ। গাওঁখনৰ মাইনুল ইছলাম আৰু নুৰুল আমিনৰ মাজত সৃষ্টি হয় ভয়ংকৰ সংঘাত। দুই ফৈদৰ মাজৰ সংঘাতে ধাৰণ কৰে ভয়ংকৰ ৰূপ। দুয়ো ফৈদৰে লোকে চোকা অস্ত্ৰলৈ জপিয়াই পৰে এজনে আনজনৰ ওপৰত।

অভিযোগ অনুসৰি, মাইনুল ইছলামৰ পৰিয়ালক অস্ত্ৰৰে সজ্জিত নুৰুল আমিনৰ ফৈদে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় মাইনুল ইছলামসহ চাৰি জন লোক। আনফালে মাইনুল ইছলামৰ ফৈদৰ আক্ৰমণত নুৰুল আমিনৰ ফৈদৰ আহত হয় ৬ জনকৈ লোক। দুই ফৈদৰ সংঘাতত গুৰুতৰভাৱে আহত ১০ জনকৈ লোক(Land centric clashes between two families)।

ইয়াৰে আব্দুল জলিল আৰু জাকিৰ হুছেইনৰ আঘাত গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ। দুয়ো পক্ষই ইতিমধ্যে নিজাববীয়াকৈ জুৰীয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

লগতে পঢ়ক : Land centric clash : কাছাৰত দুটা ফৈদৰ মাজত সংঘৰ্ষ; আহত ২০জনকৈ লোক