Local, Vocal, Global

মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনত মৃত্যু হোৱা ৰাজুৰ নিথৰ দেহ আহি পালে স্বগৃহত

নিউজ ডেক্স,৫ জুলাই : মণিপুৰৰ Noney জিলাত ৩০ জুনৰ পুৱতি নিশা সংঘটিত ভয়ংকৰ ভূমিস্খলনত প্ৰাণ হেৰুৱাইছিল বহু লোকে আৰু সন্ধানহীন লোকৰ উদ্ধাৰ অভিযান প্ৰক্ৰিয়াৰ মাজতে বৃদ্ধি পাই গৈছিল মৃতকৰ সংখ্যা ।

ভয়ংকৰ ভূমিস্খলনত মৃত্যু হোৱা নলবাৰীৰ ৰাজু আলীৰ মৃতদেহ আজি স্বগৃহত আহি পেৱাৰ লগে লগে অঞ্চলটোত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয়।

বৰাজোলৰ হামিদ আলী আৰু ৰাবিয়া বেগমৰ তৃতীয় পুত্ৰ আছিল ৰাজু আলী।
ৰাজু আলীয়ে মৃত্যুৰ সময়ত নিজৰ দুই পুত্ৰ, পত্নী আৰু পৰিয়ালৰ আন আন আত্মীয়ক এৰি থৈ যায়। ডাঙৰটো ল’ৰাৰ বয়স ১০ বছৰ আৰু সৰু ল’ৰাটোৰ বয়স মাত্ৰ ২ বছৰ। পিতৃ পুত্ৰ আৰু স্বামী হাৰা পৰিয়ালটো এতিয়া শোকত ভাগি পৰিছে।

আৰ্থিক দুৰৱস্থাৰ বাবেই তিনিবছৰ পূৰ্বৰ পৰা মণিপুৰত শ্ৰমিক হিচাপে নিয়োজিত ৰাজুয়ে নিয়মিত ঘৰৰ লগত ফোনত যোগাযোগ ৰাখিছিল আৰু মৃত্যুৰ পূৰ্বেও ফোনত কথা পাতিছিল পত্নীৰ সৈতে।

ঘৰৰ আৰ্থিক সংকট দূৰ কৰিবলৈ ওলাই যোৱা ৩৩ বছৰীয়া যুৱকজন আজি মৃতদেহ হৈ ঘৰলৈ উভতি অহাত তেওঁৰ পত্নী জিলিমা বেগমৰ লগতে অঞ্চলবাসী কান্দোনত ভাগি পৰিছে।
উল্লেখ্য যে, মণিপুৰৰ ননি জিলাত সংঘটিত ভয়ংকৰ ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭ লৈ বৃদ্ধি পাইছে। এতিয়াও ১৪ জন লোক সন্ধানহীন হৈ আছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।