Local, Vocal, Global

পুনৰ মহামাৰী কৰোনাৰ কবলত ভাৰতবাসী

নিউজ ডেস্ক, ৫ জুন : ভাৰতত ব্যপক হাৰে বৃদ্ধি পাইছে কৰোনা সংক্ৰমণ। প্ৰথম, দ্বিতীয় আৰু তৃতীয় ঢৌ ৰ পিছত এইবাৰ কৰোনাৰ চতুৰ্থ ঢৌৰ আশংকা। কৰোনা বিভীষিকাৰ মাজত ২ টা বছৰ গৃহবন্ধী হৈ পৰিছিল সমগ্ৰ বিশ্ববাসী।

কিন্ত ২ টা বছৰৰ অন্তত পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থাত ঘুৰি আহিছিল যদিও বিগত কেইবাদিনত পুনৰ ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাত পুনৰ চিন্তিত হৈ পৰিছে বিশ্ববাসী ।

WHO ৰ সতৰ্কতামূলক বাৰ্তা পুনৰ কাল কৰোনাৰ চতুৰ্থটো ঢৌৰ কবলত পৰিব পাৰে বিশ্ববাসী।

ইতিমধ্যেই বহুকেইখন ৰাজ্যত উদ্বেগজনক ভাবে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। প্ৰতিদিনেই আক্ৰান্ত হৈছে ১০০ ৰো অধিক লোক। যাৰ প্ৰতি লক্ষ্য ৰাখি বহু কেইখন ৰাজ্যত কঠোৰ হৈছে চৰকাৰ প্ৰশাসন লগতে বাধ্যতামূলক কৰিছে মাক্স পৰিধান।

চেন্নাইত কভিড ৰোধৰ বাবে প্ৰশাসনে ৰাজহুৱা স্থানত বাধ্যতামূলক কৰিছে মাক্স পৰিধান । মাক্স পৰিধান নকৰা লোকে ভৰিব লাগিব ৫০০ টকাকৈ জৰিমনা।