Local, Vocal, Global

নেপালত ভয়ংকৰ পথ দুৰ্ঘটনা


নিউজ ডেস্ক, ৫ জুন : মঙলবাৰে পুৱা নেপালৰ Bagmati প্ৰদেশত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোত প্ৰায় ৯ জন লোক নিহত আৰু ৩০ জন আহত হয়।

বাতৰি অনুসৰি, নেপালৰ ৰামেছাপৰ খান্দাদেৱী গ্ৰাম্য পৌৰসভা-১ৰ Lubhughatত দুৰ্ঘটনাটো সংঘটিত হৈছিল । আৰু দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত বাছখনত ৪০ জন লোক আছিল। আনহাতে ভুক্তভোগীসকল ৰাস্তাৰ পৰা প্ৰায় ৪০ মিটাৰ দূৰত পৰিছিল।



ঘটনাটোত, ঘটনাস্থলীতে ৯ জন লোকৰ মৃত্যু হয় আনহাতে ৩০ জন আহতক ততাতৈয়াকৈ Dhulikhel Hospital লৈ আৰু আন কিছুমানক  Kathmanduলৈ লৈ যোৱা হয়।

উপ আৰক্ষী অধীক্ষক ৰাজ কুমাৰ থিংয়ে ANIক জনায় যে, “বাছখন কাঠমাণ্ডুলৈ গৈ আছিল। আমি ৩০ জনক উদ্ধাৰ কৰি ধুলিখেল চিকিৎসালয়ৰ লগতে কাঠমাণ্ডুৰ কিছুমানলোকলৈ প্ৰেৰণ কৰাৰ সময়ত ৯ জন লোকৰ ঘটনাস্থলীত মৃত্যু হৈছিল,” ।

আনহাতে দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।