Local, Vocal, Global

Karanpur Assembly: ৫ জানুৱাৰীত ৰাজস্থানৰ কৰণপুৰ বিধানসভা নিৰ্বাচন

নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ : ৰাজস্থানৰ কৰণপুৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা । মঙলবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দিন । নিৰ্বাচন আয়োগে এই সন্দৰ্ভত জাৰি কৰিছে জাননী (Karanpur Assembly) ।

অহা ৫ জানুৱাৰীত অনুষ্ঠিত হ’ব ৰাজস্থানৰ কৰণপুৰ বিধানসভাৰ নিৰ্বাচন । নিৰ্বাচন আয়োগে জনোৱা মতে ৮ জানুৱাৰীত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ।

উল্লেখ্য যে, যোৱা ২৫ নৱেম্বৰত ৰাজস্থানত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল । কিন্তু ভোটগ্ৰহণৰ এসপ্তাহ পূৰ্বে কৰণপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছৰ প্ৰাৰ্থী গুৰমিত সিং কুনাৰৰ মৃত্যু হৈছিল । যাৰ বাবে নিৰ্বাচন আয়োগে উক্ত সমষ্টিটোৰ নিৰ্বাচন স্থগিত ৰাখিছিল আৰু ২০০ আসনৰ ভিতৰত ১৯৯ খন আসনত নিৰ্বাচন অনুষ্ঠিত হৈছিল(Voting for Rajasthan seat scheduled for January 5) ।

ইফালে ৩ ডিচেম্বৰত ঘোষণা কৰা হৈছে ৰাজস্থানৰ ১৯৯ আসনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ ফলাফল । মেজিক নম্বৰ ১০০ অতিক্ৰম কৰি ইতিমধ্যে নিৰ্বাচনত জয়ী হৈছে ভাৰতীয় জনতা পাৰ্টী দল । ১৯৯ খন আসনৰ ভিতৰত বিজেপিয়ে ১১৫ খন আসন লাভ কৰিছে । ইফালে শাসনত থাকিও কংগ্ৰেছ দলে ৰাজস্থানত মুখ থেকেচা খাইছে । শাসকীয় কংগ্ৰেছে মাত্ৰ ৬৯ খন আসনতে সন্তুষ্ট থাকিবলগীয়া হয় । একেদৰে বহুজন সমাজ পাৰ্টীয়ে ২ খন আসন আৰু অন্যান্য দলে ১৩ খন আসন লাভ কৰে ।

প’ল পেনেলৰ বিবৃতি অনুসৰি কৰণপুৰ বিধানসভাৰ আসনৰ ভোট গণনা অহা ৮ জানুৱাৰীত হ’ব। ১২ ডিচেম্বৰৰ পৰা মনোনয়ন দাখিল আৰম্ভ হ’ব আৰু মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১৯ ডিচেম্বৰ।২০ ডিচেম্বৰত তদন্ত হ’ব আৰু ২২ ডিচেম্বৰৰ ভিতৰত নাম প্ৰত্যাহাৰ কৰিব পাৰিব।

লগতে পঢ়ক : Rajasthan Assembly Election 2023: পুৱা ৭ বজাৰ পৰা আৰম্ভ ৰাজস্থান বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া