Rajasthan Assembly Election 2023: পুৱা ৭ বজাৰ পৰা আৰম্ভ ৰাজস্থান বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া
নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ : শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে ৰাজস্থানৰ বিধানসভা নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোট গ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া ৬ বজাত অন্ত পৰিব। ৰাজ্যখনত প্ৰায় ১৯৯ খন বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে । আজি অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোট গণনা হ’ব ৩ ডিচেম্বৰত। উক্ত দিনটোতে ঘোষণা কৰা হব আন চাৰিখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ’ব(Rajasthan Assembly Election 2023) ।
উল্লেখ্য যে, ৰাজস্থান বিধানসভা সমষ্টিত এইবাৰ ভোটাৰৰ সংখ্যা ৫.২৫ কোটি। ইয়াৰে ২৭.৩ নিযুত পুৰুষ ভোটাৰ আৰু ২৫.২ নিযুত মহিলা ভোটাৰ। লক্ষণীয়ভাৱে ১৭,২৪১ গৰাকী শতবৰ্ষ গৰকা। ইয়াৰ দ্বাৰা নিৰ্ণয় হ’ব ১,৮৬২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ইয়াৰ ভিতৰত আছেল ১৮৩ গৰাকী মহিলা প্ৰাৰ্থী(Voting Begins Across 199 Seats)।
ৰাজ্য খনৰ ৫.২৫ কোটি ভোটাৰে আজি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ১৮৬৩ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ।
ৰাজস্থানত নিৰ্বাচন আয়োগে স্থাপন কৰিছে ৫১৫০৭টা ভোটকেন্দ্ৰ । লগতে ৰাজ্যৰ ৫ কোটি ২৬ লাখ ৯০ হাজাৰ ১৪৬ জন ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব । ইতিমধ্যে শান্তিপূৰ্ণভাৱে ভোটদান অনুষ্ঠিত কৰাৰ বাবে বিশদ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ।