অন্ধ্ৰ প্ৰদেশত বৰষুণৰ ফলত কমেও ১৫ জন নিহত, ১৮ জন সন্ধানহীন

অন্ধ্ৰ প্ৰদেশৰ কিছু অংশত ধাৰাসাৰ বৰষুণৰ ফলত কমেও ১৪ জন লোক নিহত হৈছিল আৰু ১৮ জন সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছিল। বৰষুণৰ ফলত অন্ধ্ৰ প্ৰদেশৰ কাডাপা জিলাত আকস্মিক বানপানীৰ সৃষ্টি হৈছিল আৰু ১০ জন নিহত হৈছিল। বাতৰি অনুসৰি, চিতুৰ জিলাত বৰষুণ সম্পৰ্কীয় ঘটনাত চাৰিজন লোকৰ মৃত্যু হয়। প্ৰায় ১৫৪৪টা ঘৰ ক্ষতিগ্ৰস্ত হৈছিল, ৩.৪ হেক্টৰ কৃষিক্ষেত্ৰ প্লাবিত হৈছিল, আৰু শ শ গৰু হেৰুৱাইছিল । বাতৰি অনুসৰি এই জিলাসমূহত ৰাজহুৱা সম্পত্তিৰ লোকচান প্ৰায় ৮,২০৬.৫৭ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।
প্ৰতিবেদনত কোৱা হৈছে যে কাডাপা জিলাৰ ৰাজমপেটা সমষ্টিত চেয়েৰু নদীত আকস্মিক বানপানীত কমেও পাঁচজন লোকৰ মৃত্যু হৈছিল আৰু আৰু ১২ জন লোকৰ সন্ধান পোৱা নাযায়। এছডিআৰএফ, আৰক্ষী আৰু অগ্নি নিৰ্বাপক সেৱাৰ কৰ্মীয়ে কাডাপা আৰু চিত্তুৰ জিলাৰ বানপীড়িত স্থানৰ পৰা দহজন লোকক উদ্ধাৰ কৰে। ভেলদুৰ্থী গাঁৱত চিত্ৰাৱতী নদীৰ বানত আৱদ্ধ ১০ জন লোকক অনন্তপুৰ জিলাত ভাৰতীয় বায়ু সেনাৰ জোৱানে উদ্ধাৰ কৰিছে।
আইএএফ দলটোৱে জেচিবিত(JCB) আৱদ্ধ হৈ থকা দহজন লোকক উদ্ধাৰ কৰিবলৈ Mi-17 হেলিকপ্টাৰ ব্যৱহাৰ কৰি এটা অভিযান চলাইছিল। জেচিবিয়ে চিত্ৰাৱতী বানপানীত ধৰা পৰা এখন গাড়ীত চাৰিজন লোকক উদ্ধাৰ কৰিবলৈ গৈছিল কিন্তু, বানপানী ভয়ংকৰ হোৱাৰ লগে লগে, ইয়াত থকা লোকসকলৰ ভিতৰত ছয়জন আৰু চাৰিজন গাড়ীযাত্ৰী আবদ্ধ হৈ পৰিছিল। প্ৰায় ২১৩ টা সাহায্য শিবিৰ খোলা হৈছে আৰু সেইবোৰত ১৯,৮৫৯ জন লোক ৰখা হৈছে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই.এছ জগন মোহন ৰেড্ডীৰ সৈতে ফোনযোগে ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে জানিবলৈ কথা পাতিছিল আৰু সকলো সম্ভৱ সহায়ৰ প্ৰতিশ্ৰুতি দিছিল।