Local, Vocal, Global

স্মাৰ্ট পুলিচিং সূচকত দেশৰ ভিতৰত তৃতীয় স্থানত অসম আৰক্ষী

ইণ্ডিয়ান পুলিচ ফাউণ্ডেশ্যনে (IPF) কৰা এক জৰীপ অনুসৰি উত্তৰ-পূবৰ দুখন ৰাজ্য – অসম আৰু ছিকিমক সামগ্ৰিক ‘স্মাৰ্ট পুলিচিং ইণ্ডেক্স ২০২১’ত সৰ্বাধিক নম্বৰ লাভ কৰা শীৰ্ষ ৫ খন ৰাজ্যৰ ভিতৰত বিবেচিত কৰা হৈছে। অসম আৰক্ষীয়ে ৭.৮৯ ৰ স্মাৰ্ট ইণ্ডেক্স স্ক’ৰৰ সৈতে তালিকাৰ তৃতীয় স্থানত আছে। আনহাতে, ছিকিম আৰক্ষীয়ে ৭.১৮ সূচক নম্বৰৰ সৈতে ৫ম স্থান লাভ কৰিছে।

তালিকাখনত স্থান পোৱা আন ৰাজ্যবোৰৰ ভিতৰত আছে – মিজোৰাম (৭.১৪), গুজৰাট (৭.০৪), উৰিষ্যা (৬.৯৪), হিমাচল প্ৰদেশ (৬.৯১), পুডুচেৰী (৬.৯১), গোৱা (৬.৮৬), দিল্লী (৬.৮৫), তামিলনাডু (৬.৭৩), কৰ্ণাটক (৬.৬৯), উত্তৰ অখণ্ড (৬.৬৯), পশ্চিম বংগ (৬.৬৬), মেঘালয় (৬.৬০), হাৰিয়ানা (৬.৩৯), ত্ৰিপুৰা (৬.৩৩), জম্মু আৰু কাশ্মীৰ (৬.২৬), মহাৰাষ্ট্ৰ (৬.২৫), ৰাজস্থান (৬.১৭), মধ্য প্ৰদেশ (৬.১৫), নাগালেণ্ড (৬.১১), পঞ্জাৱ (৬.০৭), পঞ্জাৱ (৬.০৭),  ঝাৰখণ্ড (৬.০৭), ছত্তিশগড় (৫.৯৩); উত্তৰ প্ৰদেশ (৫.৮১)।

আনহাতে, এই সমীক্ষাত প্রথম আৰু দ্বিতীয় স্থান লাভ কৰিছে ক্রমে অন্ধ্রপ্রদেশ (৮.১১) আৰু তেলেংগানাই (৮.১০)৷ ইণ্ডিয়ান পুলিচ ফাউণ্ডেচনে ‘স্মার্ট পুলিচিং’ৰ কেইবাটাও শিতানত এই সমীক্ষা চলাইছিল৷ সমীক্ষা চলোৱা শিতানসমূহৰ বেছিভাগতেই অসম আৰক্ষীয়ে শীর্ষৰ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ এইসমূহৰ ভিতৰত সংবেদনশীলতা, কঠোৰ আৰু ভাল আচৰণ, নাগৰিকে তাৎক্ষণিকভাৱে লগ পোৱা, তাৎক্ষণিক প্রত্যুত্তৰ নাইবা সমিধান দিয়া, সহায় আৰু বন্ধুত্বসুলভ পুলিচিং, নিৰপেক্ষ আৰু আইনগত পুলিচিং, দায়বদ্ধতা আদি বিভিন্ন শিতানত অসম আৰক্ষীয়ে তৃতীয় স্থান লাভ কৰিছে ৷

ইণ্ডিয়ান পুলিচ ফাউণ্ডেচনৰ ‘স্মার্ট পুলিচিং’ সমীক্ষাত দেশৰ ভিতৰত অসম আৰক্ষীয়ে শীর্ষৰ তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱা বাবে আৰক্ষী সঞ্চালক প্রধান ভাস্কৰ জ্যোতি মহন্তই ৰাজ্যৰ আৰক্ষী বিভাগটোৰ প্রতিটো বর্গৰ বিষয়া–জোৱান–কর্মচাৰীসকলক অভিনন্দন জনাইছে ৷ সঞ্চালক প্রধানগৰাকীয়ে অসম আৰক্ষীৰ এই সফলতাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রতিও কৃতজ্ঞতা জ্ঞাপন কৰে ৷ অসম আৰক্ষীক দেশৰ ভিতৰতে ‘স্মার্ট পুলিচিং’ৰ ক্ষেত্রত শীর্ষৰ তৃতীয় স্থানত প্রতিষ্ঠা কৰি আৰক্ষীৰ কাম–কাজৰ ওপৰত ৰাইজে সন্তুষ্টি আৰু বিশ্বাস প্রদর্শন কৰা বুলি সঞ্চালক প্রধান মহন্তই মতপোষণ কৰে ৷