Local, Vocal, Global

Rain, hailstorm wreak havoc : পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত ধুমুহাৰ তাণ্ডৱ, আহত মহিলাসহ ১০ গৰাকী লোক

নিউজ ডেস্ক, ১এপ্ৰিল : ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰদৈচিলাৰ কালৰূপ। উজনি-নামনিৰ পৰা ৰাজ্যৰ ভিন্নপ্ৰান্তত ধুমুহাই দেওবাৰে ধাৰণ কৰিলে কালৰূপ। শদিয়াৰ পৰা ধুবুৰীলৈ ধুমুহাত বিস্তৰ ক্ষতিসাধন। ধুমুহাৰ ফলত ৰাজ্যৰ ভিন্ন স্থানত বৃহৎ ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৷ ধুমুহাৰ ফলত গুৱাহাটীৰ সমীপৱৰ্তী গড়ভাঙা বনাঞ্চলত হাহাকাৰ পৰিস্থিতি । প্ৰৱল ধুমুহা-বৰষুণৰ ফলত ঘন বনাঞ্চলখনত আবদ্ধ প্ৰায় শ শ লোক(Rain, hailstorm wreak havoc) ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত দেওবাৰে ধুমুহাই কালৰূপ ধাৰণ কৰে ।

দেওবাৰে সন্ধিয়াৰ ভাগত প্ৰচণ্ড ঘূৰ্ণি বতাহত কঁপিল সীমান্তবৰ্তী অঞ্চলটো । প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ ফলত শতাধিক ঘৰ উচন হোৱাৰ লগতে প্ৰলয়ংকাৰী ঘূৰ্ণি বতাহত মহিলা সহ ১০ গৰাকী লোক আহত হয় ।

লগতে উমাৎ,থাৰবেলাংছ,লাংহনঝাৰ, উমচেড’ৰ আদি কেইবাখনো গাঁৱৰ শতাধিক ঘৰৰ বিস্তৰ ক্ষতি সাধন হয় ।

উভালি পৰে প্ৰকাণ্ড প্ৰকাণ্ড গছ । ফলত ব্যাহত হৈ পৰে অঞ্চলসমূহলৈ যাতায়ত ব্যৱস্থা ।

জানিব পৰা মতে, ধুমুহাত আহত থাৰবেলাংছ’ৰ ৮ গৰাকী আৰু উমাতৰ ২ গৰাকী লোকক চিকিৎসালত ভৰ্তি কৰাই ।

আহতসকল ক্ৰমে- শিখা তেৰণপী,হাৰছিং ইংতি,আৰ্ণল তেৰণ,প্ৰকাশ তেৰণ,গীতা দেবী,চন্দ্ৰ ৰাণা,চাং-এত,চেনাৰপী,মায়া লিনড’ আৰু সবিতা চটুংগা বুলি জানিব পৰা গৈছে(Rain, hailstorm wreak havoc) ।

লগতে পঢ়ক : Arms seized in Tripura : ত্ৰিপুৰাত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ,গ্ৰেপ্তাৰ এজনক