Local, Vocal, Global

Arms Recovered in Manipur : মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্র; আটক এজন যুৱক

নিউজ ডেস্ক,১ এপ্ৰিল : পুনৰ চুবুৰীয়া ৰাজ্য মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্র । আৰক্ষীৰ জালত এজন যুৱক ।

মণিপুৰত আৰক্ষীৰ জালত পৰিছে মাৰণাস্ত্রসহ এজন যুৱক। যুৱকজনৰ সৈতে আৰক্ষীয়ে জিম্মাত লৈছে এটি শিশুকো(Arms Recovered in Manipur )।

জানিব পৰা মতে, ইম্ফল পশ্চিম জিলাৰ পৰা আটক কৰিছে যুৱকজনক। ধৃত যুৱকজনৰ নাম মইৰাংথেম লেন্সেনৰা মিটেই বুলি জানিব পৰা গৈছে। চুৰি, ধন দাবী, অসামাজিক কৰ্মত জড়িতক অভিযোগ উত্থাপিত হৈছে যুৱকজনৰ বিৰুদ্ধে। আৰক্ষীয়ে জব্দ কৰিছে মৰাণাস্ত্ৰ সহ বহু আপত্তিজনক সামগ্ৰী। জব্দ কৰা হৈছে .৩২ পিষ্টল, ৯ এম এম পিষ্টল, হেণ্ড গ্ৰেণেড, গুলি বাৰুদ আদি।

লগতে পঢ়ক : Rain, hailstorm wreak havoc : পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত ধুমুহাৰ তাণ্ডৱ, আহত মহিলাসহ ১০ গৰাকী লোক