Modi surname case: ৰাহুল গান্ধীৰ ২ বছৰৰ কাৰাদণ্ডৰ স্থগিতাদেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে
নেশ্যনেল ডেস্ক, ৪আগষ্ট : কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ ডাঙৰ সকাহ (Modi surname case)। ৰাহুল গান্ধীৰ কাৰাদণ্ডৰ ৰায়ত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ। সাংসদ পদ ঘূৰাই পালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।। উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী শুনানি পৰ্যন্ত সাংসদ পদ বাহাল থাকিব কংগ্ৰেছৰ নেতাগৰাকীৰ। শুকুৰবাৰে এই ৰায়দান প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে(Rahul Gandhi To Be MP Again)।
মোডী উপাধিৰ বিবাদত দুবছৰৰ বাবে ৰাহুল গান্ধীক বিহা হৈছিল কাৰাদণ্ড। ছুৰাট আদালতে দিয়া ৰায়দানত স্থগিতাদেশ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। মোদী উপাধিৰ গোচৰত হাইক’ৰ্টৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক দিলে সকাহ(Rahul Gandhi To Be MP Again Can Contest Polls After Supreme Court Order)।
উচ্চতম ন্যায়ালয়ে হাইক’ৰ্টৰ সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰিছে। অন্তৱৰ্তীকালীন নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।শুনানি সম্পূৰ্ণ নোহোৱালৈকে স্থগিতাদেশ বাহাল থাকিব।
ন্যায়াধীশ বি আৰ গৱাই, ন্যায়াধীশ পি এছ নৰছিমহা আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠৰ আদালতত এই গোচৰৰ শুনানি । ন্যায়ালয়ৰ এই সিদ্ধান্তৰ ফলত ৰাহুল গান্ধীয়ে সাংসদ পদ ওভতাই পোৱাৰ পথ প্ৰশস্ত হ’ল। ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছতে কংগ্ৰেছ শিবিৰত দেখা গ’ল আনন্দৰ লহৰ(Supreme Court stays Rahul Gandhis conviction in a criminal defamation case)।
উল্লেখ্য যে, এক সভাত মোডী উপাধিৰ ওপৰত এক মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। তাৰ পাছতে এগৰাকী বিজেপি নেতাই ৰাহুল গান্ধীৰ ওপৰত গোচৰ ৰুজু কৰিছিল।
লগতে পঢ়ক :Monsoon Session: লোকসভাৰ অধিৱেশনত আৰু উপস্থিত নাথাকে লোকসভাৰ অধ্যক্ষ ওম বিৰলা