Local, Vocal, Global

ভূপেন বৰাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ৰাহুল গান্ধীৰ, মুছলমানৰ ৰাজনীতি নকৰে কংগ্ৰেছে

নিউজ ডেস্ক : অহা ১৯ অক্টোবৰত নিশ্চিত হ’ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি৷ তাক লৈ নিখিল ভাৰত কংগ্ৰেছ সমিতিত চলিছে ব্যাপক তৎপৰতা৷ ঘনে ঘনে সলনি হৈছে ৰাজনৈতিক সমীকৰণ৷ সমান্তৰালভাৱে অসম প্ৰদেশ কংগ্ৰেছতো আৰম্ভ হৈছে সভাপতি কেন্দ্ৰীক বিবাদ৷ APCCৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে সক্ৰিয় হৈ উঠিছে দলৰে একাংশ বিধায়কসহ কেইবাগৰাকী জ্যেষ্ঠ নেতা৷ দলীয় সতীৰ্থৰ এনে ৰাজনৈতিক কুচ-কাৱাজৰ মাজতে ভূপেন বৰাই মৌখিক ভাৱে উত্থাপন কৰা এক প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে কংগ্ৰেছৰ অন্যতম শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে৷ কিন্তু এই খিনিতে প্ৰশ্ন হয় কি সেই প্ৰস্তাৱ?

অসমত কংগ্ৰেছৰ সন্মুখত সৃষ্টি হৈছে বৃহৎ ৰাজনৈতিক প্ৰত্যাহ্বান৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে সাংগঠনিক আৰু ৰাজনৈতিক প্ৰাচীৰ সৃষ্টি কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে৷ ক্ৰমাৎ দুৰ্বল হৈছে বিৰোধী পক্ষ৷ তাৰ মাজতো বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক ভাৱে একক প্ৰচেষ্টাৰে বিজেপিৰ বিৰুদ্ধে দৃঢ়স্থিতি লৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ কিন্তু তাৰ পাছতো ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে একাংশ জ্যেষ্ঠ নেতা সক্ৰিয় হৈ উঠিছে কিয়৷

অসমৰ ৰাজনৈতিক ব্যৱস্থাত কংগ্ৰেছৰ নিজস্ব নীতি স্পষ্ট আছিল৷ সেই নীতি অনুসৰি দলটো ইছলাম ধৰ্মাৱলম্বী লোক আৰু চাহ বাগানৰ শ্ৰমিকসকলৰ ওপৰত নিৰ্ভৰশীল হিচাপে পৰিচিত হৈ আহিছে৷ এই পৰম্পৰাগত ভাৱধাৰাই অসমৰ মূলসুঁতিৰ অসমীয়া সমাজত কিছু হলেও দুৰ্বল কৰিছিল কংগ্ৰেছ দলক৷ কিন্তু ভূপেন কুমাৰ বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছত নীতি সলনি কৰে APCC-এ৷ আৰু সেই মৰ্মে অসমত বিভিন্ন জাতি-জনজাতি আৰু খিলঞ্জীয়া লোকৰ মাজত কংগ্ৰেছৰ সাংগঠনিক শক্তি বৃদ্ধিৰ বাবে লোৱা হয় পৰিকল্পনা৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এনে সিদ্ধান্তৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই নিখিল ভাৰত কংগ্ৰেছ সমিতিয়ে৷ কেৱল সিমানে নহয় কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়েও সমৰ্থন দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক৷ একে সময়তে ভূপেন কুমাৰ বৰাই AIUDFৰে থকা ৰাজনৈতিক মিত্ৰতাও ভংগ কৰে৷ আৰু অসমৰ ৰাজনীতিত AIUDF অ-প্ৰাসংগিক বুলি মত প্ৰকাশ কৰি মূলসুঁতিৰ অসমীয়া সমাজত কংগ্ৰেছৰ গ্ৰহণযোগ্যতা বহুখিনি বৃদ্ধি কৰে৷ তাৰ লগে লগে শংকিত হৈ উঠে কংগ্ৰেছৰ একাংশ বিধায়কসহ বহু জ্যেষ্ঠ নেতা৷ এনে ৰাজনৈতিক সমীকৰণৰ মাজতে ভূপেন বৰাই কি প্ৰস্তাৱ দিলে ৰাহুল গান্ধীক?

নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক তথা অসমত তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ অতি ঘনিষ্ঠ এক সূত্ৰই জনোৱা অনুসৰি ৰাহুল গান্ধীৰ ৫ মহীয়া পদযাত্ৰাৰ সংগী হ’বলৈ প্ৰস্তাৱ দিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ কিন্তু সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে ৰাহুল গান্ধীয়ে৷ অধিক দায়িত্ব আৰু কতৃত্ব দি প্ৰদেশ কংগ্ৰেছত নেতৃত্ব চম্ভালিবলৈহে আহ্বান জনাই ভূপেন কুমাৰ বৰাক৷ আৰু সেই মৰ্মে ২০২৪ত অনুষ্ঠিত হ’বলগীয়া দেশৰ সাধাৰণ নিৰ্বাচনত অসমত কংগ্ৰেছ দলক নিজস্ব ৰণনীতিৰে নেতৃত্ব দিব লাগিব ভূপেন কুমাৰ বৰাই৷ অন্য অৰ্থত ভূপেন কুমাৰ বিৰোধী শিবিৰৰ স্থিতিক নস্যাৎ কৰিলে কংগ্ৰেছৰ যুৱৰাজ হিচাপে পৰিচিত ৰাহুল গান্ধীয়ে৷