Local, Vocal, Global

Rahul Gandhi in Manipur today:দিনজোৰা কাৰ্যসূচীৰে আজি মণিপুৰলৈ আহিব বিৰোধী দলপতি ৰাহুল গান্ধী

নিউজ ডেস্ক,৮ জুলাইঃ আজি মণিপুৰলৈ আহিব কংগ্ৰেছ যুৱৰাজ তথা সাংসদ ৰাহুল গান্ধী। অশান্ত মণিপুৰৰ সাম্প্ৰতিক পৰিৱেশৰ বুজ লোৱাৰ উপৰি আশ্ৰয় শিবিৰত আশ্ৰয়লৈ থকা লোকসকলৰো খা-খবৰ ল’ব সাংসদ ৰাহুল গান্ধীয়ে।আজি পুৱাৰ ভাগত ৰাহুল গান্ধীয়ে দিল্লীৰ পৰা উৰা মাৰি শিলচৰ বিমান বন্দৰত অৱতৰণ কৰে। ইয়াৰ পাছত স্থলপথেৰে কাছাৰ জিলাৰ সীমান্তত থকা মণিপুৰৰ জিবিৰাম জিলা অভিমুখে যাত্ৰা কৰে। তাত থকা আশ্ৰয় শিবিৰবোৰ পৰিদৰ্শন কৰিব যুৱৰাজ ৰাহুলে।

ইয়াৰ পাছতে জিবিৰামৰ পৰা পুনৰ শিলচৰলৈ আহি উৰা মাৰিব ইম্ফল অভিমুখে। (After this, he will come back to Silchar from Jibiram and fly towards Imphal). ইম্ফলৰ পৰা তেঁও চূড়াচান্দপুৰ আৰু মৈৰাং অঞ্চলত গৈ লোকসকলৰ সৈতে মত-বিনিময় কৰিব। ইয়াৰ পাছতে তেঁও দিল্লী অভিমুখে পুনৰ উভতি যাত্ৰা কৰিব।

উল্লেখ কৰা প্ৰয়োজন যে বিৰোধী দলপতিৰ দায়িত্ব লোৱাৰ পাছত এয়া তেঁওৰ প্ৰথম মণিপুৰ ভ্ৰমণ।(This is his first visit to Manipur after taking over as leader of opposition) অৱশ্যে ইয়াৰ আগেয়েও তেঁও মণিপুৰলৈ আহি হিংসাজৰ্জৰ পৰিস্থিতিৰ বুজ লৈছিল।

ইয়াৰোপৰি চলিত বৰ্ষতে ন্যায় যাত্ৰাৰ সময়ছোৱাত তেঁও মণিপুৰ ভ্ৰমণ কৰিছিল।

লগতে পঢ়কঃForecast of Meteorological Centre : ৰাজ্যত আহিব মূষলধাৰ বৰষুণ