Rahul Gandhi Amritsar visit : অমৃতসৰ ভ্ৰমণ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ
নেশ্যনেল ডেস্ক, ২অক্টোবৰ : অমৃতসৰ ভ্ৰমণ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । সোমবাৰে এদিনৰ বাবে অমৃতসৰ ভ্ৰমণ কংগ্ৰেছ নেতাজনৰ(Rahul Gandhi Amritsar visit) । অমৃতসৰ ভ্ৰমণত কংগ্ৰেছ নেতাজন স্বৰ্ণ মন্দিৰ আৰু স্বেচ্ছাসেৱী সেৱাত অংশগ্ৰহণ কৰিব । নিশা ৰাহুল গান্ধীয়ে অমৃতসৰতে কটাব(On visit to Amritsar today Rahul Gandhi to offer volunteer services at Golden Temple) ।
উল্লেখ্য যে,পাঞ্জাৱৰ কংগ্ৰেছ বিধায়ক সুখপাল খাইৰাক গ্ৰেপ্তাৰ কৰাৰ পিছত ৰাজ্যখনত অব্যাহত আছে আম আদমী পাৰ্টি আৰু কংগ্ৰেছৰ মাজৰ সংঘাত । সেই সময়তে ৰাহুল গান্ধীয়ে অমৃতসৰ ভ্ৰমণলৈ আহিছে, য’ত তেওঁ শ্ৰী দৰবাৰ চাহাবত সেৱা ল’ব বুলি জানিব পৰা গৈছে । দুয়োটা দলৰ মাজত চলি থকা ৰাজনৈতিক উত্তেজনাৰ মাজতে ৰাহুল গান্ধীৰ অমৃতসৰ ভ্ৰমণক অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে(Rahul Gandhi in Amritsar to visit Golden Temple) ।
অৱশ্যে ৰাহুল গান্ধীৰ অমৃতসৰ ভ্ৰমণ ব্যক্তিগত বুলি জানিব পৰা গৈছে । এই ভ্ৰমণৰ সময়ছোৱাত কংগ্ৰেছ নেতাগৰাকীৰ সৈতে মাত্ৰ কেইজনমানহে জ্যেষ্ঠ নেতা থাকিব বুলি দলটোৱে জানিব দিছে । ৰাহুল গান্ধীয়ে এই ব্যক্তিগত ভ্ৰমণৰ সময়ত শ্ৰী হৰমন্দিৰ চাহাবত সেৱা আগবঢ়োৱাৰ ইচ্ছা প্ৰকাশ কৰিছে বুলিও দলটোৱে জনায় । লগতে স্বৰ্ণ মন্দিৰৰ লংগাৰ হ’লত দান আগবঢ়াব ৰাহুলে(Rahul Gandhi to visit Golden Temple amid Sukhpal Khaira row)।
কংগ্ৰেছ নেতাগৰাকীৰ অমৃতসৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পাঞ্জাৱ আৰক্ষীয়ে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা ।I.N.D.I.A. মিত্ৰ জোঁট ঘোষণাৰ পিছত প্ৰথমবাৰৰ বাবে পাঞ্জাৱলৈ আহিছে কংগ্ৰেছ নেতাগৰাকী । ইয়াৰ পূৰ্বে জানুৱাৰী মাহত ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ সময়ত স্বৰ্ণ মন্দিৰলৈ গৈছিল ৷
আম আদমী পাৰ্টি আৰু কংগ্ৰেছ বিৰোধী মিত্ৰজোঁট I.N.D.I.A. ৰ অংশ যদিও পাঞ্জাৱৰ কংগ্ৰেছ নেতাসকল আপৰ সৈতে মিত্ৰতাৰ পক্ষত নহয় । নৱজোৎ সিং সিদ্ধুৱে আপৰ সৈতে মিত্ৰতাক সমৰ্থন কৰিছে ।
লগতে পঢ়ক :Arvind Kejriwal : কোনো পৰিস্থিতিতে I.N.D.I.A. মিত্ৰজোঁটৰ লগত ফাঁট মেলাৰ সম্ভাৱনা নাই- কেজৰিৱাল