Local, Vocal, Global

Rahul Gandhi Files Nomination For Wayanad Lok Sabha Seat : কেৰালাৰ ৱায়ানাডত মনোনয়ন দাখিল কৰিলে ৰাহুল গান্ধীয়ে

নেশ্যনেল ডেস্ক,৩এপ্ৰিল : লোকসভা নিৰ্বাচনৰ বাবে সাজু ৰাহুল গান্ধী । আজি কেৰালাৰ ৱায়ানাডত মনোনয়ন দাখিল কৰিলে ৰাহুল গান্ধীয়ে। মনোনয়ন দাখিলত ৰাহুল গান্ধীক সংগ দিয়ে ভগ্নী প্ৰিয়ংকা গান্ধীয়ে(Rahul Gandhi Files Nomination For Wayanad Lok Sabha Seat)।

২৬ এপ্ৰিলত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন । তাৰ বাবে আজি কেৰালাত ৱায়ানাদ লোকসভাৰ আসনৰ বাবে আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীৰ ৱায়ানাদ জিলা উপায়ুক্ত ৰেণু ৰাজক কলপেটাৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত সংগ দিয়ে কেপিচিচিৰ সভাপতি কে সুধাকৰন, ৰমেশ চেন্নিথালা, পি কে কুনহালিকুট্টী, পনাক্কাদ ছায়েদ আব্বাছ আলী শিহাব থাংগলৰ দৰে বিশিষ্ট নেতাই(Rahul Gandhi Files Nomination For Wayanad Lok Sabha Seat Amidst Grand Show Of Support) ।

মনোনয়ন দাখিলৰ পূৰ্বে কালপেটা চহৰত এক গ্ৰেণ্ড ৰোডশ্ব’ অনুষ্ঠিত হয়, য’ত ৱায়ানাদ লোকসভাৰ আসনৰ অন্তৰ্গত সাতটা বিধানসভা সমষ্টিৰ ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ (ইউডিএফ) কৰ্মীসকলৰ অতিশয় সমৰ্থন প্ৰদৰ্শন কৰা হয়।

লগতে পঢ়ক : 13 Naxalites killed in two separate encounters : ১৩ জনলৈ বৃদ্ধি নিহত নক্সালবাদীৰ সংখ্যা