Local, Vocal, Global

Pomegranate Benefits : ডালিম খায় নে আপুনি ? আমাৰ শৰীৰক বহু গুৰুতৰ ৰোগৰ পৰা সুৰক্ষিত কৰে ডালিমে

ডালিম এবিধ সকলোৰে চিনাকী ফল ৷ ডালিম এনে এবিধ ফল যিয়ে শৰীৰক সুস্থ কৰি ৰাখে ৷ ডালিম স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু ইয়াক খালে ৰক্তহীনতাৰ লগতে আন বহুতো ৰোগৰ পৰা আঁতৰি থাকিব পাৰি ৷ (Pomegranate Benefits) ৷

ডালিম ডাঠ, ৰঙা বাকলি আৰু ভিতৰত ৰসাল, ৰঙা গুটিৰ বাবে জনাজাত ৷ ডালিমৰ গুটি, যাক আৰিলছ বুলিও কোৱা হয়। ইয়াকো খাব পৰা আৰু ইয়াৰ সোৱাদ মিঠা ৷ ডালিমৰ গুটিও পুষ্টিকৰ উপাদানেৰে ভৰপূৰ থাকে ৷ ডালিমত এন্টিঅক্সিডেন্ট, ভিটামিন , খনিজ পদাৰ্থ (যেনে পটাছিয়াম) থাকে ৷ ডালিমৰ গুটিৰ বিশেষ গুণ হ’ল ইয়াত আঁহ থাকে, যিটো উন্নত হজমশক্তিৰ বাবে উপকাৰী(Health benefits of pomegranate) ৷

ডালিম এনে এবিধ ফল য’ত বহুতো পুষ্টিকৰ উপাদান লুকাই আছে, আহক জানো ডালিম খোৱাৰ উপকাৰিতা কি কি (Health benefits of pomegranate)

উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকসকলেও ডালিম খাব লাগে। ডালিমে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাত বহু পৰিমাণে সহায় কৰে।

ডালিমৰ গুটিত প্ৰচুৰ পৰিমাণে আঁহ থাকে, আৰু ই হজম শক্তিৰ বাবে অতি উপকাৰী, সেইবাবেই বহু চিকিৎসকে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাত ডালিম খোৱাৰ পৰামৰ্শ দিয়ে ৷

ডালিম এনে এবিধ ফল যাৰ বীজত থকা প্ৰদাহ নিবাৰণকাৰী গুণে বাতবিষৰ লক্ষণ হ্ৰাস কৰাত আৰু গাঁঠিৰ বিষ আৰু প্ৰদাহ কমোৱাত অতি ফলপ্ৰসূ ৷

ডালিমত ৰেচভেৰাট্ৰল আৰু কুৱেৰচেটিনৰ দৰে বহুতো যৌগ থাকে, যিবোৰৰ কেন্সাৰ প্ৰতিৰোধী গুণ আছে আৰু টিউমাৰৰ দৰে ডাঙৰ ডাঙৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে ৷ কেৱল এয়াই নহয়, ডালিমত পোৱা এন্টিঅক্সিডেন্টে কেন্সাৰ প্ৰতিৰোধ কৰাত সহায় কৰে ৷

ডালিমৰ গুটিত থকা এন্টিঅক্সিডেন্টে ছালখনক UV বিকিৰণ আৰু বতৰৰ পৰিৱৰ্তনৰ ফলত হোৱা ক্ষতিৰ পৰাও ৰক্ষা কৰি ছালখনক এক সুস্থ আৰু আকৰ্ষণীয় উজ্বলতা প্ৰদান কৰে ৷

ডালিম হৃদযন্ত্ৰৰ বাবে অতি উত্তম কাৰণ ইয়াত পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে ৷ ইয়াক সেৱন কৰিলে ৰক্তবাহী নলীত তেজৰ গোট মৰা বা কলেষ্টেৰল জমা নহয় আৰু হাৰ্ট এটেকৰ সম্ভাৱনা কমি যায় ৷ ইয়াৰ লগতে উচ্চ ৰক্তচাপৰ ক্ষেত্ৰতো ডালিম সেৱন কৰাটো অতি লাভদায়ক বুলি বিবেচিত হয় ৷

ডালিমৰ গুটিত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত ফলপ্ৰসূ ৷ সেইবাবেই ডালিমে সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷

ডালিম সেৱন কৰিলেও মধুমেহ ৰোগৰ পৰা সকাহ পোৱা যায় ৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাত ডালিমে এক অগ্ৰণী ভূমিকা পালন কৰে ৷ ইয়াত থকা এন্টি অক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে বাহ্যিক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে।

যদি আমি মেদবহুলতা হ্ৰাস কৰাৰ কথা ক’বলৈ যাও তেন্তে ডালিম অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ ডালিমত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায়, যাৰ বাবে খাদ্য সঠিকভাৱে হজম হয় আৰু বহু সময়লৈকে আপুনি ভোক অনুভৱ নকৰে ৷