Local, Vocal, Global

13 Naxalites killed in two separate encounters : ১৩ জনলৈ বৃদ্ধি নিহত নক্সালবাদীৰ সংখ্যা

নেশ্যনেল ডেস্ক,৩এপ্ৰিল : বিজাপুৰত সংঘৰ্ষৰ সময়ত আৰু তিনিজন মাওবাদীৰ মৃতদেহ উদ্ধাৰ(13 Naxalites killed in two separate encounters) ।

আৰক্ষীয়ে জনোৱা অনুসৰি, মঙলবাৰে এক এনকাউণ্টাৰৰ পিছতে সেনাবাহিনীয়ে ১০ মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰে । ইয়াৰ ফলত এতিয়া নিহত নক্সালবাদীৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি হয় । আনহাতে, এনকাউণ্টাৰৰ সময়ত এজন জোৱানো আইইডিৰ দ্বাৰা আঘাতপ্ৰাপ্ত হয়(13 Naxalites killed in two separate encounters in Chhattisgarh) ।

উল্লেখ্য যে, বস্তাৰ জিলাৰ বিজাপুৰত নিৰাপত্তাৰক্ষীৰে এক বৃহৎ নক্সাল সংঘৰ্ষ হয় । মঙলবাৰে সংঘটিত এই সংঘৰ্ষত এগৰাকী মহিলা মাওবাদীকে ধৰি ১০ মাওবাদীক নিৰাপত্তাৰক্ষীয়ে হত্যা কৰে ।

বিজাপুৰৰ এছপি আৰু বস্তাৰ আইজিৰ মতে, নিহত নক্সালবাদীসকলৰ ভিতৰত পিএলজিএ কোম্পানীৰ দুজন মাওবাদীও আছে । ঘটনাস্থলীৰ পৰা এটা এলএমজি স্বয়ংক্ৰিয় অস্ত্ৰ, এটা ৩ নট ৩ ৰাইফল, এটা ১২ব’ৰ ৰাইফল আৰু বৃহৎ পৰিমাণৰ বিজিএল শ্বেল আৰু লঞ্চাৰ উদ্ধাৰ কৰা হৈছে । নিৰাপত্তাৰক্ষীয়ে গংগালুৰ অঞ্চলত এই সংঘৰ্ষ সংঘটিত কৰে । আৰক্ষীয়ে জনোৱা মতে, ঘটনাস্থলীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে । আনহাতে, এনকাউণ্টাৰ স্থানত চলোৱা তালাচীৰ সময়ত এটা এলএমজিও উদ্ধাৰ হয় ।

লগতে পঢ়ক :BJP leader’s Brother Detained in connection with alleged Sexual Abuse : কিশোৰীক যৌন আতিশয্য চলাই ৰঙাঘৰৰ আলহী বিজেপি নেতাৰ ভাতৃ