Local, Vocal, Global

Rahul Gandhi declares over Rs 20 crore in assets : মনোনয়ন দাখিলৰ সময়ত ৰাহুল গান্ধীয়ে দাখিল কৰা সম্পত্তিৰ পৰিমাণে এতিয়া চৰ্চা লাভ কৰিছে

নিউজ ডেস্ক,৪মাৰ্চ : বুধবাৰে কেৰালাৰ ৱাইনাড সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ মনোনয়ন দাখিল কৰিলে সাংসদ ৰাহুল গান্ধীয়ে ।ৰাহুল গান্ধীৰ মনোনয়ন দাখিলৰ সময়ত সংগ দিলে দলটোৰ একাধিক জ্যেষ্ঠ নেতাৰ লগতে ভগ্নী প্ৰিয়ংকা গান্ধীয়ে(Rahul Gandhi declares over Rs 20 crore in assets)।

মনোনয়ন দাখিলৰ সময়ত ৰাহুল গান্ধীয়ে দাখিল কৰা সম্পত্তিৰ পৰিমাণে এতিয়া চৰ্চা লাভ কৰিছে। মনোনয়ত ৰাহুল গান্ধীয়ে দাখিল কৰা অনুসৰি ৰাহুল গান্ধীৰ হাতত নগদ ধন জমা আছে ৫৫ হাজাৰ । দুটাকৈ বেংক একাউণ্টত জমা আছে ২৬.২৫ লাখ টকা। ৰাহুল গান্ধীৰ স্থাৱৰ, অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ক্ৰমে ৯.২৪ কোটি আৰু ১১.১৪ কোটি। ৱায়ানাড সমষ্টিৰ পৰা মনোনয়ন দাখিলৰ শপতনামাত ৰাহুলে দাখিল কৰিছে এই তথ্য। ৩০ টাকৈ কোম্পানীত ৪.৩৩ কোটি টকা ৰাহুল গান্ধীয়ে বিনিয়োগ কৰিছে শ্বেয়াৰ বজাৰত। ২০২২-২৩ বৰ্ষত ৰাহুল গান্ধীৰ উপাৰ্জন আছিল ১.০২ কোটি টকা। সাংসদ হিচাপে পোৱা বেতন, বেংকৰ পৰা পোৱা সুদ আদি ৰাহুলৰ উপাৰ্জনৰ উৎস । ১৮টাকৈ অপৰাধমূলক গোচৰ ৰুজু হৈ আছে ৰাহুল গান্ধীৰ বিৰুদ্ধে( Rahul Gandhi declares Rs 1 crore income, Rs 20 cr assets)।

ৰাহুলৰ নামত আছে কিছু কৃষি ভূমিও। ভগ্নী প্ৰিয়ংকা গান্ধীৰ সৈতে একেলগে দিল্লীৰ কাষতে আছে এই কৃষিখিনি।ৰাহুলৰ মূৰত আছে ঋণো। তেওঁৰ নামত আছে ৫০ লাখ টকাৰ ঋণ। অস্থাবৰ সম্পত্তিৰ ভিতৰত তেওঁ ষ্টক মাৰ্কেটত বিনিয়োগ কৰি ৰাখিছে ৪.৩ কোটি টকা। মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিছে ৩.৮১ কোটি টকা।

লগতে পঢ়ক : Miscreants looted money from a car : দিন দুপৰতে দুৰ্বৃত্তই আইনা ভাঙি লুটি নিলে মূল্যৱান নথিৰ লগতে নগদ ধন