Local, Vocal, Global

বানপীড়িতসকলক সহায় কৰাৰ বাবে দলীয় কৰ্মীসকললৈ আহ্বান ৰাহুল গান্ধীৰ

নিউজ ডেস্ক, ২৩ জুন : অসমত বানপানীৰ কালৰূপ। অসমৰ বিভিন্ন স্থানত বানৰ প্ৰকোপ কমিছে যদিও বৰ্তমানেও বহু ঠাই পানীৰ তলতেই আছে।

প্ৰলয়ংকৰী বানত অসমৰ বহু পৰিয়াল গৃহহাৰা হোৱাৰ লগতে বহু ব্যক্তিৰ মৃত্যু হৈছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে অসমত দলীয় কৰ্মীসকলক উদ্ধাৰ আৰু পুনৰ্সংস্থাপন অভিযানত জনসধাৰণক সহায় আগবঢ়োৱা অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে। তেওঁ অসমত বানপানীত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতিও শোক প্ৰকাশ কৰে।

ৰাহুল গান্ধীয়ে টুইটাৰ যোগে কয় যে “অসমত থকা আমাৰ ভাই-ভনীসকলে অভূতপূৰ্ব বানপানীৰ সন্মুখীন হোৱাৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। শোকসন্তপ্ত পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো,” ।

তেখেতে আৰু কয় যে “মই কংগ্ৰেছ কৰ্মী আৰু নেতাসকলক উদ্ধাৰ আৰু পুনৰ্সংস্থাপন অভিযানৰ বাবে সহায় আগবঢ়োৱা অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছো,” ।

উল্লেখযোগ্য যে, অসমত বিগত ২৪ ঘণ্টাত বানপানীৰ ফলত চাৰিটা শিশুসহ ১২ জন লোকৰ মৃত্যু হৈছে।