Local, Vocal, Global

মুখ্যমন্ত্ৰীৰ শিলচৰ ভ্ৰমণ

নিউজ ডেস্ক, ২৩ জুন : অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কাছাৰ জিলাৰ শিলচৰ ভ্ৰমণ কৰে আৰু অঞ্চলটোৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে।

অসমত হোৱা প্ৰলয়ংকৰী বানত স্থলপথেৰে শিলচৰ যোৱাৰ বাবে সু-ব্যৱস্থা নথকাৰ বাবে বিমান যোগে শিলচৰ চহৰৰ আকাশী জৰীপ কৰে ।

পৰৱৰ্তী সময়ত শৰ্মাই জিলাখনৰ বিষয়াসকলৰ সৈতে ডেপুটি কমিছনাৰৰ (DC) কাৰ্যালয়ত এক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে । লগতে মুখ্যমন্ত্ৰীয়ে বানপীড়িত লোকসকলৰ সৈতেও বাৰ্তালাপ কৰিছিল আৰু চলি থকা উদ্ধাৰ অভিযানসমূহ পৰিদৰ্শন কৰিছিল।

আনহাতে, শিলচৰত হেলিকপ্টাৰেৰে খাদ্য সামগ্ৰী, পানীৰ বটল আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী থকা পেকেটবোৰ এয়াৰড্ৰপ কৰা হৈছে।

টুইটাৰযোগে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “আজি হেলিকপ্টাৰেৰে বানপীড়িত শিলচৰত খাদ্য সামগ্ৰী, পানীৰ বটল আৰু অত্যাৱশ্যকীয় সামগ্ৰী থকা পেকেটবোৰ এয়াৰড্ৰপ কৰা হয়। আমি নিয়মীয়া সকাহৰ উপৰিও আগন্তুক দিনবোৰত আমাৰ আৱদ্ধ লোকসকলৰ বাবে এনে ধৰণৰ এয়াৰ-ড্ৰপিং অব্যাহত ৰখাৰ পৰিকল্পনা কৰিছো। আমাৰ চৰকাৰ বৰাক উপত্যকাৰ লোকসকলৰ সৈতে দৃঢ়ভাৱে আছে।”