Local, Vocal, Global

৩০ জুনৰ ভিতৰত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

নিউজ ডেস্ক, ২৩ জুন : অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC) পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে কেৰিয়াৰ ৩৬০ লৈ কয় যে, উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ৩০ জুনৰ ভিতৰত ঘোষণা কৰা হ’ব ।

তেওঁ কয় যে, “HS ২০২২ৰ ফলাফলসমূহ, ৩০ জুনৰ ভিতৰত ঘোষণা কৰা হ’ব। আৰু ফলাফল AHSECৰ অফিচিয়েল ৱেবছাইট – SebaOnline.org, resultsassam.nic.in ত উপলব্ধ হ’ব ।

উল্লেখযোগ্য যে, ১২ এপ্ৰিলত সমাপ্ত হোৱা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত প্ৰায় দুই লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

ফলাফল প্ৰাপ্ত কৰিবলৈ, প্ৰাৰ্থীসকলে তেওঁলোকৰ ৰোল নম্বৰ (roll number), পঞ্জীয়ন নম্বৰ (registration number), জন্ম তাৰিখ(date of birth) ব্যৱহাৰ কৰিব লাগিব।