Local, Vocal, Global

Rahul Gandhi Announces ‘Paanch Nyay’ to Empower India : দেশত ন্যায়ৰ বাবে ‘পাঁচ ন্যায়’ প্ৰকাশ ৰাহুল গান্ধীৰ

নিউজ ডেস্ক, ২৪ জানুৱাৰী : কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজতে মঙলবাৰে ৰাহুল গান্ধীয়ে দেশ ন্যায়ৰ বাবে পাঁচ দফীয়া দৃষ্টিভংগী ‘পাঁচ ন্যায়ৰ’ কথা প্ৰকাশ কৰে(Rahul Gandhi Announces ‘Paanch Nyay’ to Empower India)।

ৰাহুল গান্ধীয়ে প্ৰকাশ কৰা পাঁচ ন্যায়ৰ ভিতৰত আছে যুৱসকলৰ বাবে ন্যায়, নাৰীৰ বাবে ন্যায়, কৃষকৰ বাবে ন্যায়, শ্ৰমিকৰ বাবে ন্যায় আৰু অংশগ্ৰহণৰ বাবে ন্যায় ৷

উল্লেখ্য যে, মঙলবাৰে ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা যোৰাবাট হৈ গুৱাহাটীত প্ৰৱেশ কৰিছিল আৰু তাৰ পিছত জালুকবাৰী হৈ হাজো লৈ গৈছিল । ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ হাজো প্ৰৱেশ কৰি হাজোত এক সংবাদ মেল সম্বোধন কৰে(Rahul Gandhi Announces ‘Paanch Nyay’ to Empower India ) ।

হাজোত সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় তেওঁৰ লক্ষ্য আৰু মূলমন্ত্ৰৰ ওপৰত থকা তেওঁৰ বিশ্বাসত দৃঢ় আৰু তেওঁক ইয়াৰ পৰা বিচলিত কৰিবলৈ কেতিয়াও ভয় খুৱাব নোৱাৰিব(Rahul Gandhi spells out five point agenda, ‘Paanch Nyay’, for justice) ।

তেওঁ এই কথাও দৃঢ়তাৰে কয় যে ক্ষমতা সমানভাৱে বিতৰণৰ প্ৰয়োজন । ন্যায়ৰ পাঁচটা কাৰ্যসূচীৰ প্ৰতিটোকে এক নিৰ্দিষ্ট কাৰ্য পৰিকল্পনাৰ দ্বাৰা সমৰ্থন কৰা হ’ব, যিটো আগন্তুক কেইসপ্তাহমানৰ ভিতৰত প্ৰকাশ কৰা হ’ব বুলি কংগ্ৰেছ নেতাগৰাকীয়ে কয় ।

লগতে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত অসমত সন্মুখীন হোৱা নিৰ্যাতন আৰু বাধা সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত কয় যে “তেওঁ বিচলিত বা ভয় খোৱা নাই, বৰঞ্চ তেওঁ সুখী অনুভৱ কৰিছে । কাৰণ এই (যাত্ৰা) ৰাজ্যখনৰ মুখ্য কেন্দ্ৰবিন্দু হৈ পৰিছে”(Bharat Jodo Nyay Yatra is about five pillars of justice, says Rahul Gandhi) ।

লগতে পঢ়ক : Road Accident : পিতৃৰ মৃত্যুৰ ৫ মাহ পাৰ নহওঁতে মৃত্যু মাতৃ- পুত্ৰৰ