Local, Vocal, Global

সাংসদৰ পদ কৰ্তনৰ পিছতে প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন ৰাহুল গান্ধীৰ

ডিজিটেল ডেস্ক:- সাংসদৰ পদ কৰ্তনৰ পিছতে প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন কৰে ৰাহুল গান্ধীয়ে।প্ৰিয়ংকা গান্ধীৰ সৈতে দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৰাহুল গান্ধীয়ে।

সংবাদমেলত ৰাহুল গান্ধীয়ে পুনৰ গৌতম আদানি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকলৈ প্ৰশ্ন কৰে।
ৰাহুল গান্ধীয়ে সংবাদমেলত কয়, ‘‘মই আপোনালোকক বহুবাৰ কৈছো যে হিন্দুস্তানত গণতন্ত্ৰৰ ওপৰত আক্ৰমণ হৈ আছে। আমি দৈনিক ইয়াৰ উদাহৰণ পাওঁ। মই এটা প্ৰশ্ন কৰিছিলো যে আদানী জীৰ শ্বেল কোম্পানী আছে, তাত ২০ হাজাৰ কোটি টকা কোনোবাই বিনিয়োগ কৰিছে। প্ৰশ্ন এয়াই যে ২০ হাজাৰ কোটি টকা কাৰ?তেওঁ কয়, ‘‘মই মিডিয়া ৰিপ’ৰ্টৰ পৰা উলিওৱা প্ৰমাণ সংসদত দি আদানী আৰু মোদী জীৰ সম্পৰ্কৰ কথা কৈছো। সম্পৰ্ক নতুন নহয় পুৰণি। যেতিয়া নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈছিল, তেতিয়াৰে পৰা সম্পৰ্ক আছে।তেওঁ লগতে কয় যে সংসদত মোদী-আদানি সম্পৰ্ককলৈ প্ৰশ্ন কৰাৰ বাবে তেওঁক লক্ষ্য কৰি লোৱা হৈছে।মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে আদানীয়ে তেওঁৰ সৈতে একেখন বিমানত যোৱা ফটোখনক লৈ প্ৰশ্ন কৰিছিলো।ৰাহুল গান্ধীয়ে সংবাদমেলত প্ৰশ্ন কৰে কেনেকৈ আদানিৰ গোষ্ঠীৰ এটা প্ৰতিৰক্ষা প্ৰতিষ্ঠানে ৰাতিটোৰ ভিতৰতে ২০,০০০ কোটি টকাৰ লাভ কৰিছিল।

ৰাহুল গান্ধীয়ে লগতে কয়, ‘‘দেশত গণতন্ত্ৰৰ ওপৰত আক্ৰমণ হৈ আছে। সংসদত মন্ত্ৰীসকলে মোৰ বিৰুদ্ধে মিছা মাতিলে। সংসদৰ পৰা মোৰ ভাষণ আঁতৰাই দিয়া হ’ল। মই প্ৰশ্ন কৰা বন্ধ নকৰো। মই ভয় কৰা মানুহ নহয়। মই হিন্দুস্তানৰ গণতন্ত্ৰৰ বাবে যুঁজি যাম। মই কাকো ভয় নকৰো, এয়া সঁচা কথা।

’বৃহস্পতিবাৰে গুজৰাটৰ চুৰাটৰ এখন আদালতে ৰাহুল গান্ধীক ‘মোডী’ উপাধিৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ বাবে দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল।আৰু সাংসদৰ পদ খাৰিজ কৰিছিল।কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ পিছত আজি প্ৰথমবাৰৰ বাবে সংবাদমেলৰ সম্বোধন কৰে ।