যোৰহাটত শ্ৰমিক কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাগ্ৰস্ত

ডিজিটেল ডেস্ক:- যোৰহাটত শ্ৰমিক কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাগ্ৰস্ত৷ টীয়কৰ মেলেং চাহ বাগিচাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
দুৰ্ঘটনা ১৭ গৰাকী শ্ৰমিক আহত৷ বাহনখনত আছিল মুঠ ২৫ গৰাকী শ্ৰমিক৷ অত্যধিক লোকক কঢ়িওৱাৰ ফলত দুৰ্ঘটনা সংঘটিতৰ হোৱাৰ সন্দেহ৷ মেলেং বাগানৰ চাহ শ্ৰমিকক পাত তুলিবলৈ নিয়া আৱস্থাত দূৰ্ঘটনাগ্ৰস্ত হয় বাহন খন। ২২ জনকৈ মহিলা শ্ৰমিক গুৰুতৰ ভাৱে আহত হয়। আহত সকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। AS-12-AC-8233 নম্বৰৰ মাল কহিওৱা অনা টাটা এচি গাড়ী খন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে।জানিব পৰা মতে দুগৰাকী মহিলা সংকটজনক অৱস্থাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰে।