গোলাঘাটত নাহৰফুটুকীৰ সন্ত্ৰাস , নাহৰফুটুকীৰ আক্ৰমণত আহত এজন

ডিজিটেল ডেস্ক:- গোলাঘাটত নাহৰফুটুকীৰ সন্ত্ৰাস।গোলাঘাটৰ উদয়ন চাহ বাগিচাত নাহৰফুটুকীৰ সন্ত্ৰাস।জানিব পৰা মতে পুৱা চাহ বাগিচাত কাম কৰি থকাৰ সময়তে হঠাৎ নাহৰফুটুকীটোৱে এজন লোকক আক্ৰমণ কৰে ৷আঘাতপ্ৰাপ্ত লোকজন উদয়ণ চাহ বাগিচাৰ ৰূপেশ্বৰ তাঁতী বুলি জানিব পৰা গৈছে৷ আহত ৰূপেশ্বৰ তাঁতীক লগে লগে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ বৰ্তমান বাগিচাখনতেই নাহৰফুটুকীটো অৱস্থান কৰি থকাৰ বাবে স্থানীয় লোক কিছু শংকিত হৈ পৰিছে।