Local, Vocal, Global

কংগ্ৰেছত প্ৰাৰ্থীত্বৰ দৌৰ, লোকসভাৰ টিকট বিচাৰি ৰাজীৱ ভৱনত সংবাদগোষ্ঠীৰ মালিক

ডিজিটেল ডেস্কঃ ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ কংগ্ৰেছৰ টিকট বিচাৰি তৎপৰ হৈ উঠিছে কেবাগৰাকীও জ্যেষ্ঠ নেতা। একেসময়তে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰতিষ্ঠিত সংবাদ মাধ্যমৰ দুগৰাকী মালিকেও নিজস্ব উদ্যোগত অব্যাহত ৰাখিছে তৎপৰতা। প্ৰদেশ কংগ্ৰেছৰ এক সূত্ৰই জনোৱা মতে গুৱাহাটী আৰু যোৰহাট লোকসভা সমষ্টিত দলীয় টিকট বিচাৰি আবেদন কৰিব দুটা প্ৰতিষ্ঠিত নিউজ চেনেলৰ স্বত্বাধিকাৰীয়ে। উল্লেখযোগ্য যে গুৱাহাটী লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰিবলৈ দলীয় তৎপৰতাও অব্যাহত ৰাখিছে কেইবাগৰাকীও নেতাই। প্ৰাপ্ত তথ্য অনুসৰি প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পুত্ৰ মানস কুমাৰ বৰা আৰু প্ৰদেশ কংগ্ৰেছ মিডিয়া বিভাগৰ প্ৰাক্তন অধ্যক্ষা ববিতা শৰ্মাও অন্যতম। কিন্তু সেই সময়তে গুৱাহাটীৰ এটা সু-প্ৰতিষ্ঠিত আগশাৰীৰ নিউজ চেনেলৰ স্বত্বাধিকাৰীয়েও কংগ্ৰেছৰ দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিবলৈ প্ৰস্তুত হৈছে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ বহু কেইগৰাকী জ্যেষ্ঠ নেতাৰে সু-সম্পৰ্ক ৰক্ষা কৰা এইগৰাকী ব্যৱসায়ীয়ে গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছত টিকট পোৱাতো নিশ্চিত বুলিও দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ একাংশ নেতাই।

ঠিক একেদৰে যোৰহাট লোকসভা সমষ্টিটো কংগ্ৰেছৰ অন্যতম দাবীদাৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী। কিন্তু ৰাণা গোস্বামীৰ সমুখত সৃষ্টি হৈছে এক নতুন প্ৰত্যাহ্বান। কিয়নো বিজেপিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে যোৰহাটত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আন এটা সংবাদ গোষ্ঠীৰ স্বত্বাধিকাৰীয়ে। যোৰহাট সংসদীয় সমষ্টিত যথেষ্ট প্ৰভাৱ থকা এইগৰাকী ব্যৱসায়ীয়ে কংগ্ৰেছৰ দলীয় টিকট লাভ কৰিবলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অন্যতম সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰে সু-সম্পৰ্ক ৰক্ষা কৰি থকা বুলিও প্ৰদেশ কংগ্ৰেছৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। এইখিনিতে উল্লেখ কৰিব পাৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাবধায়ক জিতেন্দ্ৰ সিং অলপতে অসম ভ্ৰমণলৈ আহোতে এইগৰাকী ব্যৱসায়ীৰে ৰুদ্ধদ্বাৰ বৈঠকতো মিলিত হৈছিল। একেসময়তে জিতেন্দ্ৰ সিঙে আন এটা ছেটেলাইট চেনেলৰ মালিকৰ সৈতেও মিলিত হৈছিল গুৱাহাটীত। গতিকে এই সমীকৰণমৰ্মে ২০২৪ৰ লোকসভা নিৰ্বাচনত গুৱাহাটী আৰু যোৰহাট সংসদীয় সমষ্টিত সংবাদ গোষ্ঠীৰ দুগৰাকী স্বত্বাধিকাৰীয়ে কংগ্ৰেছৰ টিকট পোৱাতো প্ৰায় নিশ্চিত।

২০২৪ৰ লোকসভা নিৰ্বাচনত নামনি অসমৰ ধুবুৰী সংসদীয় সমষ্টিত সাংসদ বদৰুদ্দিন আজমলক পৰাভূত কৰিবলৈ সংকল্প লৈছে প্ৰদেশ কংগ্ৰেছে। এইক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই পদযাত্ৰাৰ সময়তো বাৰম্বাৰ উল্লেখ কৰিছে বদৰুদ্দিন আজমলৰ প্ৰসংগ। ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰি প্ৰাক্তন সাংসদ আব্দুল হামিদৰ উপৰিও অন্য ৪ গৰাকী জ্যেষ্ঠ নেতাই প্ৰাৰ্থিত্ব বিচাৰিব। কিন্তু প্ৰদেশ কংগ্ৰেছৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে ধুবুৰী সংসদীয় সমষ্টিত সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিবলৈ ৰাজনৈতিক সমীকৰণ প্ৰায় চূড়ান্ত কৰিছে। একেদৰে দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে বৰপেটা লোকসভা সমষ্টিত সাংসদ আব্দুল খালেক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰো সম্ভাৱনা আছে। আৰু তেনেক্ষেত্ৰত বৰপেটা লোকসভা সমষ্টিত এআইইউডিএফে যদি বিধায়ক শ্বেৰমান আলীক প্ৰাৰ্থিত্ব দিয়ে তেন্তে কংগ্ৰেছে প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰীক প্ৰাৰ্থিত্ব দিয়াৰ যো-জা কৰিছে। প্ৰদেশ কংগ্ৰেছৰ এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা সম্ভেদ পোৱা অনুসৰি বিগত সময়ছোৱাত সাংসদ আব্দুল খালেকে প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে বিভিন্ন মঞ্চত ক্ষোভ প্ৰকাশ কৰাৰ পৰিণতিত তেওঁ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ’ব পাৰে। অৱশ্যে তেনে পৰিস্থিতিত সাংসদ আব্দুল খালেকে যদি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰে তেন্তে বৰপেটা লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত হৈ উঠিব। অন্য অৰ্থত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’বলৈ মাজত এবছৰ আছে যদিও প্ৰদেশ কংগ্ৰেছত কিন্তু প্ৰাৰ্থিত্বকেন্দ্ৰিক তৎপৰতা তীব্ৰতৰ হৈ উঠিছে। অৱশ্যে কংগ্ৰেছৰ ৰাজনৈতিক ইতিহাসত শেষ মুহূৰ্ততহে নিশ্চিত হয় দলীয় প্ৰাৰ্থিত্ব। গতিকে আগন্তুক সময়ছোৱাত এইসকল নেতা আৰু এপিচিচিপ ভূমিকা বিশেষভাৱে লক্ষণীয় হৈ থাকিব।