WATCH : Rabha Hasong Autonomous Council Election : ২ এপ্ৰিলত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন
বকো,২৭মাৰ্চ : ২ এপ্ৰিলত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। নিৰ্বাচনক কেন্দ্ৰ কৰি নিৰ্দলীয় প্ৰাৰ্থী প্ৰতুল চন্দ্ৰ ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ। ৰাভা হাছং পৰিষদৰ ২২ নং বন্দাপাৰা পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দিতা কৰা নিৰ্দলীয় প্ৰাৰ্থী প্ৰতুল চন্দ্ৰ ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। মুখে মুখে চলিছে উৰা জাহাজৰ ছবিত প্ৰতুলক ভোট দিয়াৰ কথা(Rabha Hasong Autonomous Council Election)।
সমগ্ৰ ৰাভা হাছং এলেকাত বলিছে নিৰ্বাচনী গৰম বতাহ। ৰাজনৈতিক দলৰ আৰু নিৰ্দলীয় প্ৰাৰ্থী সকলে নিজৰ নিজৰ এলেকাত চলাইছে নিৰ্বাচনী প্ৰচাৰ।
এই ক্ষেত্ৰত ৰাভা হাছং পৰিষদৰ ২২ নং বন্দাপাৰা পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দিতা কৰা নিৰ্দলীয় প্ৰাৰ্থী প্ৰতুল চন্দ্ৰ ৰাভাই সমস্থিৰ নিজৰ নিজৰ এলেকাত চলাইছে নিৰ্বাচনী প্ৰচাৰ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমৰ্থন দিছে প্ৰতুল চন্দ্ৰ ৰাভাক।
ইফালে আজি বন্দাপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত শিলোবড়ী ; ছেখাদাৰী ; ডামালছোচ; ভাটিপাৰাকে ধৰি বিভিন্ন ঠাইত চলাইছে নিৰ্বাচনী প্ৰচাৰ। এই ক্ষেত্ৰত এখোপ আগবাঢ়ি আছে ৰাভা হাছং পৰিষদৰ ২২ নং বন্দাপাৰা পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দিতা কৰা নিৰ্দলীয় প্ৰাৰ্থী প্ৰতুল চন্দ্ৰ ৰাভাই।
লগতে পঢ়ক : WATCH | Teok News : টীয়কৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত টীয়ক আছুৰ অৱস্থান ধৰ্মঘট