Local, Vocal, Global

PV Narasimha Rao, Chaudhary Charan Singh & MS Swaminathan To Receive Bharat Ratna : দেশৰ তিনিগৰাকী বৰণ্যে ব্যক্তি লৈ ‘ভাৰত ৰত্ন’ সন্মান

নিউজ ডেস্ক, ৯ ফেব্ৰুৱাৰী : পুনৰ তিনি বৰণ্যে ব্যক্তি লৈ ‘ভাৰত ৰত্ন’ সন্মান । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক্সৰ জৰিয়তে ঘোষণা কৰিলে এই কথা।প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিং, পিবি নৰসিংহ ৰাও আৰু কৃষি বিজ্ঞানী এমএছ স্বামীনাথনলৈ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন'(PV Narasimha Rao, Chaudhary Charan Singh & MS Swaminathan To Receive Bharat Ratna)।

ভাৰতৰত্ন হৈছে ভাৰত চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক বঁটা । কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পূৰ্বে বিজেপিৰ জ্যেষ্ঠ নেতা তথা দেশৰ প্ৰাক্তন গৃহমন্ত্ৰী এলকে আদৱানী আৰু বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পুৰী ঠাকুৰক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদানৰ কথা ঘোষণা কৰিছিল ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে তেওঁৰ এক্স হেণ্ডেলত এই কথা ঘোষণা কৰে । তেওঁ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিং আৰু কৃষি বিজ্ঞানী এমএছ স্বামীনাথনকো এই সন্মান প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক্সৰ এক পোষ্টৰ জৰিয়তে লিখে, ভাৰত ৰত্ন সন্মান প্ৰাক্তন প্ৰধানমন্ত্ৰী চৰন সিঙৰ অতুলনীয় অৱদানৰ বাবে।আমাৰ চৰকাৰৰ এয়া সৌভাগ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰী চৰন সিঙক ভাৰত ৰত্ন প্ৰদান কৰা হ’ব। তেওঁ কৃষকসকলৰ অধিকাৰ আৰু কল্যাণৰ বাবে জীৱন উৎসৰ্গা কৰিছিল। আমাৰ কৃষক ভাই-ভনীসকলৰ প্ৰতি তেওঁৰ সমৰ্পণ আৰু জৰুৰীকালীন অৱস্থাত গণতন্ত্ৰৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিয়ে সমগ্ৰ দেশক অনুপ্ৰাণিত কৰে(Bharat Ratna for PV Narasimha Rao, Chaudhary Charan Singh and MS Swaminathan)।

লগতে কৃষি বিজ্ঞানী এমএছ স্বামীনাথনলৈ ভাৰত ৰত্ন ঘোষণা কৰি মোডীয়ে এক্সত পোষ্ট কৰে , কৃষি আৰু কৃষকৰ কল্যাণৰ ক্ষেত্ৰত আমাৰ দেশলৈ আগবঢ়োৱা স্মৰণীয় অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ড০ এম এছ স্বামীনাথনজীক ভাৰত ৰত্ন প্ৰদান কৰাটো গৌৰৱৰ বিষয়।

প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওলৈ ভাৰত ৰত্ন ঘোষণা কৰি মোডীয়ে এক্সত পোষ্ট কৰে, “নৰসিংহ ৰাৱে ভাৰতক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ জৰিয়তে আগুৱাই লৈ গৈছিল আৰু ইয়াৰ সাংস্কৃতিক আৰু বৌদ্ধিক ঐতিহ্যকো সমৃদ্ধ কৰিছিল।

লগতে পঢ়ক : 93th Srimanta Sankardeva Sangha Convention in Rangia : আজিৰে পৰা ৰঙিয়াত আৰম্ভ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিবেশন